যুদ্ধৰ বাবে ইজৰাইলত আবদ্ধ হৈ থকা ভাৰতীয়ক উদ্ধাৰৰ বাবে বিমান প্ৰেৰণৰ পৰিকল্পনা কৰিছে নৰেন্দ্ৰ মোডী চৰকাৰে। এই অভিযানৰ নাম দিয়া হৈছে ‘অপাৰেচন অজয়’। এই কথা সদৰী কৰে বৈদেশিক মন্ত্ৰী এছ জয়শংকৰে।
এক্স হেণ্ডেল (পূৰ্বৰ টুইটাৰ)ত জয়শংকৰে লিখিছে, ‘ইজৰাইলৰ পৰা উভতি আহিব বিচৰা ভাৰতীয়সকলক ঘূৰাই অনাৰ বাবে অপাৰেচন অজয় আৰম্ভ কৰা হৈছে। বিশেষ চাৰ্টাৰ্ড বিমানকে ধৰি সকলো ব্যৱস্থা কৰা হৈছে। বিদেশত থকা আমাৰ নাগৰিকসকলৰ সুৰক্ষা আৰু কল্যাণৰ বাবে আমি সম্পূৰ্ণৰূপে দায়বদ্ধ।”
জেৰুজালেম, টেল আভিভকে ধৰি ইজৰাইলৰ বিভিন্ন চহৰত বসবাস কৰা ভাৰতীয়ৰ সংখ্যা ১৮ হাজাৰৰো অধিক। শনিবাৰে পুৱা পেলেষ্টাইনী বিদ্ৰোহী সংগঠন হামাছৰ ৰকেট আক্ৰমণৰ লগে লগে যুদ্ধ আৰম্ভ হোৱাৰ পিছৰে পৰা তেওঁলোক গৃহবন্দী হৈ পৰিছে ৷ হামাছ নিয়ন্ত্ৰিত গাজাতো আছে কেইবাজনো ভাৰতীয়।
চৰকাৰী সূত্ৰৰ মতে, যোৱা বছৰ কূটনৈতিক স্তৰ আৰু আন্তঃগাঁথনি ব্যৱহাৰ কৰি আৰম্ভ হোৱা ৰুছ-ইউক্ৰেইন যুদ্ধৰ পিছত সেই দেশৰ পৰা প্ৰায় ২০ হাজাৰ ভাৰতীয় শ্ৰমিক আৰু ছাত্ৰ-ছাত্ৰীক উদ্ধাৰ কৰা হৈছিল। এইবাৰো সেই অভিজ্ঞতা ব্যৱহাৰ কৰি ‘উদ্ধাৰ অভিযান’ আৰম্ভ কৰাৰ কথা চিন্তা কৰা হৈছে। এই পৰিকল্পনা কাৰ্যকৰী কৰিবলৈ বৈদেশিক কাৰ্যালয় ইজৰাইল আৰু পেলেষ্টাইন কৰ্তৃপক্ষৰ সৈতে কূটনৈতিক যোগাযোগত আছে। উদ্ধাৰ প্ৰক্ৰিয়া ক্ষিপ্ৰ কৰিবলৈ প্ৰয়োজন হ’লে ভাৰতীয় বায়ুসেনাৰ সহায় লোৱাৰো চিন্তা কৰিছে মোডী চৰকাৰে।