দক্ষিণ ভাৰতত পুনৰ পানী বিতৰণক লৈ সংঘাত আৰম্ভ হৈছে । কাবেৰীৰ পিছত এইবাৰ কৃষ্ণ নদীৰ পানীক লৈ এই সংঘাত আৰম্ভ হৈছে । মঙলবাৰে অন্ধ্ৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী ৱাই এছ জগনমোহন ৰেড্ডীৰ চৰকাৰে পানী বিতৰণ বিবাদৰ সমাধান বিচাৰি উচ্চতম ন্যায়ালয়ৰ কাষ চাপিবলৈ সিদ্ধান্ত লয়।
অন্ধ্ৰপ্ৰদেশ, কৰ্ণাটক আৰু মহাৰাষ্ট্ৰৰ মাজেৰে বৈ যোৱা কৃষ্ণ নদীৰ পানীৰ ভাগ-বতৰাক লৈ তিনিওখন ৰাজ্যৰ মাজত দীৰ্ঘদিনীয়া বিবাদ চলি আহিছে । প্ৰায় ডেৰ দশক পূৰ্বে অৱসৰপ্ৰাপ্ত ন্যায়াধীশ বৃজেশ কুমাৰৰ নেতৃত্বত পানী বিতৰণৰ বিবাদ নিষ্পত্তিৰ বাবে এক ন্যায়াধিকৰণ গঠন কৰা হৈছিল। তেওঁলোকে কৰ্ণাটকৰ আলমাটি বান্ধৰ উচ্চতা ৫১০ মিটাৰৰ পৰা ৫২৪ মিটাৰলৈ বৃদ্ধি কৰাৰ অনুমতি দিয়ে ৷ এই অনুমতিৰ ক্ষেত্ৰত অন্ধ্ৰ প্ৰদেশে আৰম্ভণিৰে পৰা আপত্তি কৰিছিল।
শেহতীয়াকৈ মুখ্যমন্ত্ৰী জগনমোহনৰ নেতৃত্বত অন্ধ্ৰ মন্ত্ৰী আৰু চৰকাৰী উচ্চপদস্থ বিষয়াৰ বৈঠকত বৰ্তমানৰ পানী বিতৰণ নীতিৰ পুনৰ মূল্যায়নৰ দাবীত উচ্চতম ন্যায়ালয়ৰ কাষ চাপিবলৈ সিদ্ধান্ত লোৱা হয়। জগনমোহন চৰকাৰে আলমাটি মথাউৰিৰ উচ্চতা বৃদ্ধি কৰাৰ পিছত খৰালি কালত প্ৰয়োজনীয় পানী লাভ নকৰাৰ অভিযোগো উত্থাপন কৰিছে। বিগত সময়ত তামিলনাডুৱেও কৰ্ণাটকক কাবেৰী নদীৰ পানী বিতৰণৰ অতিৰিক্ত পানী নিষ্কাষণৰ অভিযোগ উত্থাপন কৰিছিল। পিছত উচ্চতম ন্যায়ালয়ে গঠন কৰা ন্যায়াধিকৰণে এই বিষয়ত হস্তক্ষেপ কৰে।