যেনেকৈ শূলেৰে শূল কাঢ়িব পাৰি তেনেকৈ বিষেহে বিষ কাঢ়িব পাৰি। এই অপ্তবাক্য শাৰী সঁচা প্ৰতিপন্ন কৰি কৰ’নাৰ বিষাক্ত ভাইৰাছক প্ৰতিহত কৰিবলৈ গৱেষকৰ দলে বিষাক্ত বিহৰ পৰা উদ্ভাৱন কৰিছে কৰ’না প্ৰতিহত কৰা ঔষধ।
শেহতীয়াকৈ এক গৱেষণাত পোৱা গৈছে যে ক’ভিড-১৯ ৰ সংক্ৰমণ প্ৰতিহত কৰিব পাৰিব সাপৰ বিষে।ব্ৰাজিলৰ ছাও পাওলো বিশ্ববিদ্যালয়ৰ কেইগৰাকীমান গৱেষকে এই বিষয়টোৰ ওপৰত চলোৱা এক গৱেষণাত পাইছে যে সাপৰ বিষত থকা এবিধ বিশেষ উপাদানে প্ৰাণীৰ কোষত কৰ’নাৰ সংক্ৰমণ ৰোধ কৰিব পাৰিব।
তথ্য অনুসৰি ব্ৰাজিলৰ এক বিশেষ প্ৰজাতিৰ সাপৰ বিষেৰে এই পৰীক্ষা চলোৱা হৈছিল।আৰু বান্দৰৰ দেহৰ কোষত পৰীক্ষামূলকভাৱে প্ৰয়োগ কৰা হৈছিল এই বিশেষ উপাদান।পৰীক্ষাৰ অন্তত প্ৰমাণ পোৱা গৈছে যে এই উপাদানে প্ৰাণীৰ কোষত কৰ’না ভাইৰাছৰ সংক্ৰমণ প্ৰৱণতা হ্ৰাস কৰিছে।
উল্লেখ যোগ্য যে ক’ভিড ভাইৰাছে প্ৰাণীৰ দেহত প্ৰৱেশ কৰি নিজৰ সংখ্যা বৃদ্ধি ঘটাই সংক্ৰমণৰ গতি দ্ৰুততৰ কৰি তোলে।ইফালে এই সাপৰ বিষত থকা এই উপাদানে সংক্ৰমণৰ হাৰ ৭৫% হ্ৰাস কৰাৰ প্ৰমাণ পোৱা গৈছে।
ব্ৰাজিলত পোৱা এই জাৰাৰাকুচ্চু পিট ভাইপাৰ সাপ ডাল অতি মাৰাত্মক আৰু বিষধৰ। আৰু ইয়াৰ সামান্য বিষৰ উপাদানে কৰ’না ভাইৰাছৰ সংক্ৰমণ ৰোধত বাধাৰ সৃষ্টি কৰিছে।তেনেক্ষেত্ৰত গৱেষক সকলে দাবী কৰিছে যে কৰ’না ভাইৰাছ প্ৰতিৰোধত এই পিট ভাইপাৰ হব পাৰে অন্যতম অস্ত্ৰ।