কোন দিশে গুৱাহাটীৰ নিৰাপত্তা ব্যৱস্থা ? আৰক্ষী- নিৰাপত্তাৰক্ষীৰে গিজাগিজাই থকা মহানগৰীত দুর্বৃত্তৰ গুলীত নিহত হ’ল এজন যুৱক ৷ গুৱাহাটীৰ কইনাধাৰাত সংঘটিত হ’ল এই ঘটনা ৷ বৃহস্পতিবাৰে নিশা সংঘটিত হয় এই ঘটনা ৷ নিহত যুৱকজন বশিষ্ঠৰ লটাকাটাৰ অঞ্জন নাথ বুলি জানিব পৰা গৈছে ৷ এই ঘটনাক লৈ তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে ৷
ঘটনাৰ বিবৰণী অনুসৰি বৃহস্পতিবাৰে সন্ধিয়া অঞ্জন নাথ কইনাধৰাত পত্নীৰ বাবে অপেক্ষা কৰি আছিল ৷ সেই সময়তে এখন বাইকেৰে অহা দুৰ্বৃত্তই অঞ্জনক গুলীয়াই ঘটনাস্থলীৰ পৰা পলায়ন কৰে। সংকটজনক অৱস্থাত অঞ্জনক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় যদিও নিশা তেওঁৰ মৃত্যু হয়। নিশাৰ ভাগতে আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ প্ৰাৰম্ভিত তদন্ত আৰম্ভ কৰে আৰু ঘটনাস্থলীৰ পৰা এটা খালী কাৰ্টিজ উদ্ধাৰ কৰিছে।
বৰ্তমান কইনাধৰাৰ গুলীচালনাৰ ঘটনাৰ চাঞ্চল্যকৰ তথ্য পোহৰলৈ আহিছে। মৃত্যুৰ পৰা ১১ দিন পূৰ্বে অঞ্জনে পত্নীক নিজ ঘৰলৈ নিছিল।জানিব পৰা মতে ৮ মাহ পূৰ্বে বিবাহপাশত আৱদ্ধ হোৱা অঞ্জন আৰু পত্নীৰ সম্পৰ্ক তেওঁলোকৰ পৰিয়ালে মানি লোৱা নাছিল। বিবাহ বিচ্চেদৰ পাছত অঞ্জনে মহিলাগৰাকীক বিয়া পাতিছিল ৷ পূৰ্বৰ সম্পৰ্ক বিচ্ছেদ অবিহনে অঞ্জনৰ সৈতে সম্পৰ্কলৈ আহিছিল মহিলা গৰাকী । জানিব পৰা মতে, অঞ্জনক দুবৃর্ত্তই গুলীচালনা কৰা সময়ত তেওঁৰ পত্নী কইনাধৰাস্থিত পিতৃৰ গৃহত আছিল।
নিশাই ঘটনাস্থলীত গুৱাহাটীৰ আৰক্ষী আয়ুক্ত আৰু ডিজিপি উপস্থিত হৈছে ৷ পত্নীয়ে প্ৰকাশ কৰা অনুসৰি অত্যন্ত সুৰাপান কৰিছিল অঞ্জনে ৷ আনকি ড্ৰাগছ সৰবৰাহকাৰীৰ সৈতেও চিনাকি আছিল অঞ্জনৰ ৷ আনহাতে অঞ্জনৰ জ্যেষ্ঠ ভাতৃয়ে থানাত এজাহাৰ দাখিল কৰিছে ৷ য’ত অঞ্জনৰ পত্নীক অভিযুক্ত বুলি উল্লেখ কৰিছে ৷