অসমৰ লগতে দেশ-বিদেশৰ পর্যটকৰ বাবে অহা ১৫ অক্টোবৰত মুকলি কৰা হ’ব বিশ্ব ঐতিহ্যক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান ৷ পৰ্যটকক আদৰিবলৈ ৰাষ্ট্ৰীয় উদ্যানখনত ব্যাপক প্ৰস্তুতি আৰম্ভ কৰিছে উদ্যান কতৃপক্ষই ৷
প্ৰাপ্ত তথ্য অনুসৰি ১৫ অক্টোবৰত কেৱল কহঁৰা আৰু বাগৰি বনাঞ্চলৰ এটা অংশহে মুকলি কৰি দিব কৰ্তৃপক্ষই ৷কাৰণ বানৰ লগতে শেহতীয়াকৈ হোৱা বৰষুণৰ বাবে সম্পূৰ্ণ স্বাভাৱিক অৱস্থালৈ অহা নাই ৰাষ্ট্ৰীয় উদ্যানখন ৷এতিয়াও বহু বাট-পথ দুর্গম হৈ আছে ৷
আনহাতে নতুন পৰ্যটন বৰ্ষত কাজিৰঙাৰ দাঁতি কাষৰীয়া কাৰ্বিআংলং আৰু কাকচাং জলপ্ৰপাতক পৰ্যটন ক্ষেত্ৰত অন্তৰ্ভুক্ত কৰাৰ পৰিকল্পনা কৰিছে ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই ৷তদুপৰি কলিয়াভোমোৰাত নদী পর্যটনৰ ব্যৱস্থা অন্তৰ্ভুক্ত হ’ব এইবাৰৰ পৰ্যটনত ৷ পৰ্যটকসকলে অনলাইন বুকিঙ কৰিব পাৰিব ৷ আন বিভিন্নতথ্য উপলব্ধ হ’ব ৱেবছাইটত ৷