মঙলদৈ চহৰৰ মাজমজিয়াত সংঘটিত হৈছে চাঞ্চল্যকৰ ঘটনা ৷ মঙলদৈৰ কৰিমচ’কৰ ৬ নম্বৰ ৱার্ডত সংঘটিত হৈছে এই চাঞ্চল্যকৰ ঘটনা ৷ এটি বাসগৃহত উদ্ধাৰ হৈছে মাতৃ-পুত্ৰৰ মৃতদেহ ৷ দুর্গেশ্বৰী দেৱী আৰু তেওঁৰ পুত্ৰ বিৰাজ শর্মাৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে ৷ ঘটনাস্থলীত উপস্থিত হৈ আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে ৷কিন্তু এতিয়াও পোহৰলৈ অহা নাই এই ঘটনাৰ কাৰণ ৷
প্ৰাপ্ত তথ্য অনুসৰি কৰিমচ’কৰ মূল বজাৰ এলেকাত ঘৰ আছিল পৰিয়ালটোৰ ৷ মৃত বিৰাজৰ সংবাদপত্ৰ-আলোচনীৰ দোকান আছিল ৷ তেওঁ অবিবাহিত আছিল ৷ বিৰাজ শর্মাৰ বয়স প্ৰায় ৫৫ বছৰ বুলি জানিব পৰা গৈছে ৷ বিৰাজৰ জ্যেষ্ঠ ভাতৃ কটন বিশ্ববিদ্যালয়ৰ অধ্যাপক ৷
আজি পুৱা বহু দেৰিলৈ মাতৃ-পুত্ৰ শুই উঠা নুঠাত ওচৰৰ মানুহে ঘৰৰ দর্জা ঢকিয়াই তেওঁলোকক জগাবলৈ চেষ্টা কৰে ৷কিন্তু কোনো সহাৰি লাভ নকৰাত দর্জা খুলি বিৰাজ শর্মাৰ মৃতদেহ ওলমি থকা অৱস্থাত প্ৰত্যক্ষ কৰে স্থানীয় লোকে ৷মাতৃৰ মৃতদেহ বিছনাত পৰি থকা প্ৰত্যক্ষ কৰি স্থানীয় লোকসকলৰ মাজত হুৱাদুৱা লাগে ৷