২০১৯ চনত ভাৰতত ১৩ লাখৰো অধিক নতুন ষ্ট্ৰোকত আক্ৰান্ত ৰোগী ধৰা পৰিছিল। এই সংখ্যা দক্ষিণ-পূব এছিয়া অঞ্চলত সৰ্বাধিক। লেন্সেট আলোচনীত প্ৰকাশিত এক অধ্যয়ন অনুসৰি ২০১৯ চনত ভাৰতৰ ১ কোটিৰো অধিক লোক ষ্ট্ৰোকৰ বাবে বিভিন্ন শাৰীৰিক সমস্যাত ভুগিছিল। ইণ্ডিয়ান কাউন্সিল অৱ মেডিকেল ৰিচাৰ্চ (আইচিএমআৰ), শ্ৰীলংকা আৰু ছিংগাপুৰৰ গৱেষকসকল এই অধ্যয়নত জড়িত আছিল।
ষ্ট্ৰোকক ব্ৰেইন এটেক বুলিও কোৱা হয়। মগজুৰ বিভিন্ন অংশলৈ তেজৰ যোগান বন্ধ হোৱা ষ্ট্ৰোকক ইস্কেমিক ষ্ট্ৰোক বোলা হয়। বহু ক্ষেত্ৰত মগজুৰ এডাল ৰক্তবাহী নলী ফাটি ৰক্তক্ষৰণ হয়, যাক হেমৰেজিক ষ্ট্ৰোক বোলা হয়। দুয়োটা ক্ষেত্ৰতে মগজুৰ কিছু অংশ ক্ষতিগ্ৰস্ত হয়, বহু ক্ষেত্ৰত ৰোগীৰ মৃত্যুৰ আশংকা থাকে।
এই অধ্যয়ন অনুসৰি যিবোৰ দেশত অধিকাংশ বাসিন্দাৰ আয় কম, সেইবোৰ দেশত ষ্ট্ৰোকৰ প্ৰাদুৰ্ভাৱ বেছি। এই অধ্যয়ন অনুসৰি ২০২০ চনত বিশ্বত প্ৰায় ৬৬ লাখ লোক ষ্ট্ৰোকত আক্ৰান্ত হৈ মৃত্যুমুখত পৰিছিল। কিন্তু গৱেষকসকলে দাবী কৰিছে যে ২০৫০ চনত এই সংখ্যাই ৯৭ লাখ অতিক্ৰম কৰিব। এই অধ্যয়নত এইটোও প্ৰকাশ পাইছে যে ষ্ট্ৰোক হৈছে বিশ্বজুৰি মৃত্যুৰ দ্বিতীয় প্ৰধান কাৰণ। এই অধ্যয়নত লগতে কোৱা হৈছে যে ডেকা আৰু মধ্যবয়সীয়াৰ মাজত ষ্ট্ৰোকৰ আশংকা দিনক দিনে বৃদ্ধি পাইছে। ৫৫ বছৰৰ তলৰ লোকৰ ক্ষেত্ৰত ষ্ট্ৰোকৰ সম্ভাৱনা বেছি।