প্ৰাক্তন সাংসদ তথা বর্তমান কংগ্ৰেছ নেতা আৰ পি শর্মাৰ শোণিতপুৰৰ গৰৈমাৰীস্থিত বাসগৃহত নিশা চুৰিকাণ্ড সংঘটিত হয় ৷ প্ৰাপ্ত তথ্য অনুসৰি প্ৰাক্তন সাংসদ গৰাকীৰ ঘৰত কোনো নথকাৰ সুযোগ গ্ৰহণ কৰি চোৰে বাসগৃহটোত লুটপাত চলায় ৷ সম্প্ৰতি আৰ পি শর্মাৰ পৰিয়াল আছে গুৱাহাটীৰ বাসগৃহত ৷
জানিব পৰা মতে প্ৰতিবেশী এজন লোকে নিশা ঘৰটোৰ গেটৰ তলা ভঙা অৱস্থাত প্ৰত্যক্ষ কৰে ৷ পৰৱর্তী সময়ত তেওঁ ঘৰটোৰ দুৱাৰ এখনো খোলা অৱস্থাত দেখা পায় ৷ তেতিয়াই স্থানীয় লোকজনে ঘৰৰ ভিতৰৰ বস্তু বাহিনী সিচৰিত হৈ পৰি থকা প্ৰত্যক্ষ কৰে ৷ লগে লগে ঘৰটোত চোৰে পলুটপাত কৰা বুলি তেওঁ নিশ্চিত হয় ৷নিশাই গৃহটোত উপস্থিত হয় আৰক্ষী ৷
সংবাদমাধ্যমৰ সন্মুখত আৰ পি শর্মাই প্ৰকাশ কৰা অনুসৰি চোৰে ঘৰটোৰ আলমিৰা ভাঙি বহুসংখ্যক মুল্যৱান সা-সামগ্ৰী লৈ গৈছে ৷