গুৱাহাটী ১৩ অক্টোবৰঃ১৯৮৫ চনৰ ১৪ অকটো তাৰিখে ঐতিহাসিক অসম আন্দোলনৰ পটভূমিত আৰু অসমৰ জনসাধাৰণৰ আকুন্ঠ মৰম আৰু ত্যাগৰ বিনিময়ত জন্ম লাভ কৰা অসমৰ সৰ্ববৃহৎ আঞ্চলিক ৰাজনৈতিক দল অসম গণ পৰিষদ দলৰ ৩৯ সংখ্যক প্ৰতিষ্ঠা দিৱস এইবেলি কেন্দ্ৰীয় ভাৱে জন্মস্থান গোলাঘাট চহৰৰ সমন্বয় ক্ষেত্ৰত অনুষ্ঠিত হ’ব। একে ধৰণে ৰাজ্যখনৰ সকলো জিলা সদৰ আৰু বিধান সভা সমষ্টিতে বণাধ্য কাৰ্য্যসূচীৰে প্ৰতিষ্ঠা দিৱস পালন কৰা হ’ব। অসম সামাজিক আৰু ৰাজনৈতিক জীৱনত অসম গণ পৰিষদ দলে জাতীয়তাবাদৰ আধাৰত জাতীয় দায়বদ্ধতা পালনৰ লক্ষ্য লৈ অসমৰ জনসাধাৰণ স্বাৰ্থত সেৱা আগবঢ়াই আহিছে। দুবাৰকৈ ৰাজ্যৰ ক্ষমতাত অধিস্থিত হোৱা অসম গণ পৰিষদ দল বৰ্তমান মিত্ৰজোট চৰকাৰৰ অন্যতম অংশীদাৰ। ৰাজ্যৰ ৰাজনীতিৰ লগতে সৰ্বভাৰতীয় ৰাজনীতিটো দলটোৱে বিভিন্ন সময়ত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰি আহিছে। ৰাজ্যৰ অৰ্থনৈতিক কাঠামো গঢ়াৰ লগতে ৰাজ্যখনক উন্নয়ণৰ বিভিন্ন দিশত আগবঢ়াই নিয়াত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছিল অসম গণ পৰিষদ দলৰ চৰকাৰে । সামাজিক, ৰাজনৈতিক, অৰ্থনৈতিক, সাংস্কৃতিক দিশত ৰাজ্যখনৰ বিকাশৰ যাত্ৰা আৰাম্ভ হৈছিল অসম গণ পৰিষদৰ চৰকাৰৰ দিনতে। সকলো জাতি-জনগোষ্ঠী আৰু ধৰ্মালম্বী লোকৰ মাজত সৎভাৱ ৰক্ষা কৰাত দলটোৱে গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছে। গোলাঘাটৰ কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱসৰ কাৰ্য্যসূচীত দলৰ সভাপতি তথা অসম চৰকাৰৰ মন্ত্ৰী অতুল বৰা, কাৰ্য্যকৰী সভাপতি তথা মন্ত্ৰী কেশৱ মহন্ত, জ্যেষ্ঠ নেতা ফণীভূষণ চৌধুৰী প্ৰমুখ্যে দলটোৰ সকলো শীৰ্ষ নেতা উপস্থিত থকাৰ লগতে দলটোৰ জন্মলগ্নৰ পৰা জড়িত হৈ থকা বহুসংখ্যক জ্যেষ্ঠ নেতা তথা শুভাকাঙ্খী উপস্থিত থাকিব। অনুৰূপ ধৰণে জিলা সমিতি আৰু বিধান সভা সমষ্টি সমিতিসমূহৰ উদ্যোগত দিনযোৰা কাৰ্য্যসূচীৰে প্ৰতিষ্ঠা দিৱস ৰাজ্যজুৰি পালন কৰা হ’ব বুলি এক প্ৰেছ বিজ্ঞপ্তি যোগে প্ৰকাশ কৰিছে।