গুৱাহাটীৰ বৰবাৰীত পুনৰ উচ্চেদ অভিযান চলায় কামৰূপ মহানগৰ জিলা প্ৰশাসনে ৷ ছটা পৰিয়াল উচ্চেদ কৰে প্ৰশাসনে ৷ আজি পুৱাই প্ৰশাসন উপস্থিত হয় ভাঙি পেলায় ঘৰসমূহ ৷ এই লোকসকলক উচ্চেদৰ পূর্বে প্ৰশাসনৰ ফালৰ পৰা তেওঁলোকক যোৱা ১৭ আগষ্টত জাননী জাৰি কৰা হৈছে ৷
উল্লেখ্য যে বৰবাৰীৰ উক্ত স্থানত ৰাজ্য চৰকাৰে নির্মাণ কৰিব নগৰীয়া বনাঞ্চল ৷ ইতিমধ্যে এই সন্দর্ভত কেবিনেট সিদ্ধান্ত গ্ৰহণ কৰা হৈছে ৷ এই অঞ্চলত কেইবা হাজাৰ গছপুলি ৰোপন কৰিব চৰকাৰে ৷
ইফালে, আজি উচ্চেদক লৈ বৰবাৰীত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে ৷ উচ্চেদিত লোকসকলে প্ৰকাশ কৰা অনুসৰি ২০১০ চনত তেওঁলোক সেই স্থানত ভূমি ক্ৰয় কৰিছিল ৷ তেওঁলোকক প্ৰশাসনে বিজুলী-পানী যোগানৰ ব্যৱস্থা কৰি দিছিল ৷ জিএমচিৰ ফালৰ পৰা হ’ল্ডিং নম্বৰ দিয়া হৈছে ৷