ইতিমধ্যে হিজবুল্লাই পেলেষ্টাইনৰ সশস্ত্ৰ সংগঠন হামাছৰ কাষত থিয় দি ইজৰাইলৰ বিৰুদ্ধে যুঁজ দিছে । এইবাৰ লেবাননৰ সন্ত্ৰাসবাদী সংগঠনটোৱে আন এক ঘোষণা কৰিছে ৷ তেওঁলোকে ইজৰাইলৰ বিৰুদ্ধে “সঠিক সময়ত” যুঁজিবলৈ সাজু বুলি ঘোষণা কৰিছে ৷
লেবাননৰ ৰাজধানী বেইৰুটৰ দক্ষিণ উপকণ্ঠ অঞ্চলত পেলেষ্টাইন সমৰ্থক সমাৱেশৰ পৰা হিজবুল্লাহৰ উপ মুৰব্বী নাইম কাছেমে কয় –“আমি হিজবুল্লাহ। আমি আমাৰ পৰিকল্পনা অনুসৰি সহায় কৰি আছো আৰু যুঁজি যাম।” ইজৰাইলক সকীয়াই দি তেওঁ কয় –“ আমি সম্পূৰ্ণৰূপে সাজু। যেতিয়া সময় আহিব, আমি খোজ দিম।”
প্ৰসংগক্ৰমে ইজৰাইল-হামাছৰ সংঘাতৰ মাজতে ইৰাণৰ বৈদেশিক মন্ত্ৰীয়ে লেবানন ভ্ৰমণ কৰিছিল। সেই ভ্ৰমণৰ সময়ত হিজবুল্লাহৰ সতৰ্কবাণী তাৎপৰ্যপূৰ্ণ বুলি বিবেচিত হৈছে। ইজৰাইলৰ উপৰি আমেৰিকাকে ধৰি পশ্চিমীয়া দেশে অভিযোগ কৰিছে যে ইৰাণক হামাছ আৰু হিজবুল্লাহক ধন আৰু অস্ত্ৰ-শস্ত্ৰ প্ৰদান কৰিছে। ইৰাণৰ শীর্ষ নেতা আয়াতুল্লাহ আলী খামেনেই এই অভিযোগ প্ৰত্যক্ষভাৱে অস্বীকাৰ কৰাৰ পিছতো স্পষ্ট কৰি দিছে যে তেহৰাণৰ সমৰ্থন হামাছৰ লগত আছে ৷
ইতিমধ্যে ৰাষ্ট্ৰসংঘই সকলো সংঘাতপূৰ্ণ পক্ষকে ‘ভয়ংকৰ পৰিণতি’ৰ আশংকাৰ বিষয়ে সকীয়াই দিছে। পৰোক্ষভাৱে আন আৰব দেশসমূহে হিজবুল্লাহক নিজৰ ‘চৰম স্থিতি’ এৰি যাবলৈ পৰামৰ্শ দিছে। কিন্তু এই সকলোবোৰৰ প্ৰতি লক্ষ্য ৰাখি সন্ত্ৰাসবাদী সংগঠনটোৰ উপ-মূৰব্বীগৰাকীয়ে কয় যে হিজবুল্লাহ তেওঁলোকৰ দায়িত্বৰ বিষয়ে জানে।