হৰিনামৰ ধ্বনিৰে মুখৰিত হৈ পৰিছে গহপুৰ ৷ গহপুৰৰ ছয়দুৱাৰ মহাবিদ্যালয়ৰ প্ৰাংগনত অনুষ্ঠিত হৈছে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ উত্তৰ-পূৰ্বাঞ্চলীয় সাংস্কৃতিক সমন্বয় সমাৰোহ। এই উপলক্ষেগহপুৰলৈ আগমণ ঘটিছে ৰাজ্যে ভিন্ন প্ৰান্তৰ ভকত-বৈষ্ণৱৰ ৷ দুদিনীয়া কার্যসূচীৰে এই সমাৰোহৰ আয়োজন কৰা হৈছে ৷
বিভিন্ন ৰাজ্যৰ সাংস্কৃতিক দলসমূহে সমাৰোহত অংশগ্ৰহণ কৰিছে ৷ তেওঁলোকে বিভিন্ন কার্যসূচী পৰিৱেশন কৰিব ৷ এই অনুষ্ঠানত ৰাজ্যৰ মন্ত্ৰী বিমল বৰাৰ লগতে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বিষয়বীয়া সকল উপস্থিত থাকে ৷
এই উপলক্ষে সমগ্ৰ অঞ্চলটোতে উছ্ৱমুখৰ পৰিস্থিতিৰ সৃষ্টি হৈছে ৷ পুৱাৰে পৰা নাম-কীর্ত্তণৰ লগতে দিহানাম ,বৰগীত আদি পৰিৱেশন কৰা হৈছে ৷