অসমৰ পাট-মুগাৰ মেখেলা চাদৰ আন্তঃৰাষ্ট্ৰীয় পর্যায়ত প্ৰতিষ্ঠা কৰাৰ ক্ষেত্ৰত যিসকল ডিজাইনাৰে কাম কৰি আহিছে তেওঁলোকৰ ভিতৰত অগ্ৰণী হৈছে সংযুক্তা দত্ত ৷ পুনৰ আগশাৰীৰ লেকমি ফেশ্বন উইকৰ ৰেম্পত জিলিকি উঠিল সংযুক্তা দত্তই ডিজাইন কৰা মেখেলা চাদৰ ৷ শেহতীয়াকৈ বলিউডৰ মোহময়ী অভিনেত্ৰী আদা শর্মাই সংযুক্তা দত্তই ডিজাইন কৰা মেখেলা চাদৰ পৰিধান কৰি ৰেম্পত খোজ কাঢ়ে ৷
এইবাৰ লেকমি ফেশ্বন উইকত সপোন শীৰ্ষক এক মনোমোহা সংগ্ৰহ প্ৰদর্শন কৰে সংযুক্তাই ৷বলীউডৰ অভিনেত্ৰী আদা শৰ্মাই সংগীতাই ডিজাইন কৰা সাজ পৰিধান কৰি শ্ব’ষ্টপাৰ হৈছে খোজ কাঢ়ে ৷
আদা শৰ্মাই সংগীতাৰ ডিজাইন কৰা কাপোৰ পৰিধান কৰি নিজৰ অনুভৱ ব্যক্ত কৰি কয় , “বস্ত্ৰক কবিতালৈ ৰূপান্তৰিত কৰাৰ অসাধাৰণ প্ৰতিভা আছে সংযুক্তা দত্তৰ। তেওঁৰ সৃষ্টিসমূহ পিন্ধিলে শিল্পকৰ্ম এটাক মূৰ্ত কৰি তোলা যেন লাগে ৷”
সংযুক্তা দত্তই ডিজাইন কৰা অসমীয়া পৰম্পৰাগত সাজ–পাৰ পূৰ্বেও বলীউডৰ কেইবাগৰাকী অভিনেত্ৰীয়ে পৰিধান কৰি লেকমি ফেশ্বন উইকৰ ৰেম্পত খোজ কাঢ়িছিল । বিশিষ্ট অভিনেত্ৰী হেমা মালিনী, প্ৰীতি জিণ্টা, দিব্যা কুমাৰ, ঈশা দেওল, বিপাশা বাসু আদিয়ে পৰিধান কৰিছে সংযুক্তাৰ কাপোৰ ৷