সমগ্ৰ বিশ্বতে থাইলেণ্ডৰ খাদ্য যথেষ্ট জনপ্ৰিয়। থাইলেণ্ডৰ খাদ্যৰ সোৱাদ, গোন্ধ, ৰন্ধা পদ্ধতি সম্পূৰ্ণ বেলেগ। খাদ্যত তেল আৰু মছলাৰ ব্যৱহাৰ অতি কম হয় আৰু শাক-পাচলিও প্ৰচুৰ পৰিমাণে ব্যৱহাৰ কৰা হয়। গতিকে এই খাদ্যও যথেষ্ট স্বাস্থ্যকৰ। পেড কই প্লা কেঁচা মাছৰ কিমা দি এবিধ বিশেষ খাদ্য তৈয়াৰ কৰা হয়। থাইলেণ্ডৰ খোন কাৰে ইছা অঞ্চলত এই খাদ্য অতি জনপ্ৰিয়। কিন্তু বিজ্ঞানীসকলে দাবী কৰিছে যে এই খাদ্যবিধ এবাৰ খেলিলেও লিভাৰ কেন্সাৰ হোৱাৰ আশংকা থাকে।
থাইলেণ্ডৰ উত্তৰ-পূব অঞ্চলৰ গাঁৱৰ মানুহে নিয়মিতভাৱে খায় কই প্লা। এই খাদ্য সহজে উপলব্ধ আৰু দ্ৰুতভাৱে প্ৰস্তুত কৰা হয়। এই ব্যঞ্জন তৈয়াৰ কৰিবলৈ ব্যৱহাৰ কৰা কেঁচা মাছবিধ পৰজীৱীৰ প্ৰিয়। এই মাছৰ শৰীৰত পৰজীৱীয়ে বাহ সাজে। আৰু যেতিয়া মাছটো কিমা কৰি বিভিন্ন মছলাৰ সৈতে খোৱা হয় , তেতিয়া পৰজীৱীবোৰো মানুহৰ শৰীৰত প্ৰৱেশ কৰে। প্ৰতিবেদন অনুসৰি এই অঞ্চলৰ লোকসকল ক’লেঞ্জিঅ’কাৰ্চিনোমা ৰোগত আক্ৰান্ত। সেই অঞ্চলত প্ৰতি বছৰে এই কৰ্কট ৰোগত আক্ৰান্ত হৈ প্ৰায় ২০ হাজাৰ লোকৰ মৃত্যু হয়। এই কেন্সাৰ মূলতঃ যকৃত, ক্ষুদ্ৰান্ত্ৰ, পিত্তথলীৰ সংযোগী নলীত দেখা দিয়ে। তাৰ পৰা ই যকৃতলৈ বিয়পি পৰে। এই খাদ্যবিধ সন্দৰ্ভত বিশ্ব স্বাস্থ্য সংস্থাই ইতিমধ্যে এক সজাগতা বাৰ্তা জাৰি কৰিছে।