মৰিগাৱঁৰ গৰৈমাৰীত ভুৱা চিকিৎসক ৷ নাজিৰুল ইছলাম নামৰ এজন যুৱকে দীর্ঘদিনে অঞ্চলটোত চলায় আহিছিল চিকিৎসা ৷আৰক্ষীয়ে অভিযান চলায় ভুৱা চিকিৎসকজনক গ্ৰেপ্তাৰ কৰে ৷
ডাঃ এন ইছলাম নামেৰে অঞ্চলটোত তেওঁ চিকিৎসা কৰি আহিছিল ৷ জাৰা মেডিকেল হল নামৰ এখন ফার্মাচীত তেওঁ চিকিৎসা কৰি আহিছিল ৷ আনকি ভুৱা চিকিৎসকজনে অঞ্চলটোত অস্ত্ৰোপচাৰো কৰিছিল বুলি জানিব পৰা গৈছে ৷
আৰক্ষীয়ে প্ৰকাশ কৰা অনুসৰি ভুৱা চিকিৎসকজনক কৰায়ত্ব কৰিবলৈ চাৰি ঠাইত অভিযান চলোৱা হৈছিল ৷ অব্দুল ৰহমান নামৰ এজন লোকে জাৰা মেডিকেল হল নামৰ এখন অবৈধ ফার্মাচী খুলিছিল ৷লাইচেঞ্চ নোহোৱাকৈয়ে ৮ মাহ ধৰি চলায় আহিছিল ফার্মাচীখন ৷
অৱশ্যে ধৃত নজৰুল ইছলামে প্ৰকৃতার্থত তেওঁ এজন ফার্মাচিষ্ট বুলি প্ৰকাশ কৰিছে ৷ কিন্তু তৎসত্বেও তেওঁ ডাঃ এন ইছলাম বুলি অঞ্চলটোত চিকিৎসা সেৱা প্ৰদান কৰি আহিছিল ৷