চৰকাৰৰ নিৰ্দেশত এক সামাজিক দায়বদ্ধতাৰ প্ৰতি অভূতপূর্ব সহাঁৰি প্ৰদৰ্শন কৰি অসমৰ ৩৩খন জিলাৰ শ শ গাঁৱত যোৱা ১৬ অক্টোবৰত আয়োজিত সজাগতা কাৰ্যসূচীত পুৰুষ-মহিলা আৰু শিশুৱে ৰাজ্যৰ পৰা বাল্যবিবাহ নিৰ্মূল কৰাৰ শপত গ্ৰহণ কৰে ৷ চলিত সপ্তাহৰ আৰম্ভণিতে বিভিন্ন চৰকাৰী বিভাগে ‘বাল্য বিবাহ মুক্ত ভাৰত’ অভিযানত পূৰ্ণাংগ অংশগ্ৰহণৰ বাবে বিষয়া আৰু অন্যান্য অংশীদাৰসকললৈ পত্ৰ প্ৰেৰণ কৰিছিল আৰু অসমক বাল্যবিবাহ মুক্ত কৰাৰ শপত ল’বলৈ আহ্বান জনাইছিল ৷ থানাৰ পৰা আৰম্ভ কৰি আদালতৰ কক্ষ, পঞ্চায়ত আৰু সামূহিক কেন্দ্ৰ, সৰু ল’ৰা-ছোৱালীৰ পৰা আৰম্ভ কৰি বাল্যবিবাহৰ পৰা ৰক্ষা পোৱা বৃদ্ধালৈকে সমগ্ৰ দেশতে প্ৰায় সকলোৱে যোগদান কৰি বাল্যবিবাহৰ অন্ত পেলোৱাৰ শপত লয়। দিনৰ সময়ছোৱাত বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠান আয়োজন কৰাৰ পাছত সন্ধিয়া নতুন অসমত বাল্যবিবাহৰ কোনো স্থান নাই বুলি সমাজলৈ বাৰ্তা প্ৰেৰণ কৰি হাতে হাতে মমবাতি লৈ সমদল উলিয়াই ৷
২০৩০ চনৰ ভিতৰত ভাৰতত বাল্যবিবাহ বন্ধ কৰাৰ বাবে মহিলা কৰ্মী আৰু ১৬০ টা নাগৰিক সমাজ সংগঠনৰ নেতৃত্বত ৩০০ খনতকৈও অধিক জিলাত দেশজোৰা এই অভিযান চলোৱা হৈছে ।
দিনৰ ভাগত আয়োজন কৰা কার্যসূচীসমূহত উৎসাহ আৰু দায়বদ্ধতাৰ সৈতে অংশগ্ৰহণ কৰে ৷ সন্ধিয়া বাল্যবিবাহৰ পৰা মুক্তি লাভ কৰা মহিলাৰ নেতৃত্বত উলিওৱা মমবাতিৰ সমদলত সমাজৰ সকলো স্তৰৰে লোকে অংশগ্ৰহণ কৰে ৷
উল্লেখ্য যে ইউনিচেফৰ প্ৰতিবেদন অনুসৰি যদি বৰ্তমানৰ হাৰত এই অগ্ৰগতি অব্যাহত থাকে তেন্তে সমগ্ৰ ভাৰততে আৰু লাখ লাখ ছোৱালী ২০৫০ চনলৈকে বাল্যবিবাহত বহিবলৈ বাধ্য হ’ব।শিশু অধিকাৰ কৰ্মী আৰু অধিবক্তা ভূৱনৰিভুৱে লিখা ‘When Children Have Children: Tipping Point To End Child Marriage” নামৰ গ্ৰন্থখন যোৱা সপ্তাহত এই অভিযানৰ অংশ হিচাপে উন্মোচন কৰা হৈছে ৷ য’ত ২০৩০ চনৰ ভিতৰত বাল্য বিবাহ সমাজৰ পৰা নাইকিয়া কৰিবলৈ কি ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা উচিত সেই সন্দর্ভত আভাস দিয়া হৈছে ৷ যিয়ে এক আশাৰ কিৰণ কঢ়িয়াই আনিছে ৷ তদুপৰি বাল্য বিবাহ মুক্ত ভাৰত অভিযানৰ অংশ হিচাপে কাম কৰা বেচৰকাৰী সংস্থাসমূহ কিদৰে আগবাঢ়িব লাগিব তাৰ ওপৰতো বর্ণনা কৰা হৈছে গ্ৰন্থখনত ৷
বাল্যবিবাহৰ বাস্তৱতা আৰু ইয়াৰ পৰিণতিৰ বিষয়ে বাখ্যা কৰি তেওঁ গ্ৰন্থখনত কয়, “বাল্য বিবাহ হৈছে শিশু ধৰ্ষণ। ইয়াৰ ফলত শিশুৰ গৰ্ভধাৰণ হয়, যাৰ ফলত শিশুৰ মৃত্যু হ’ব পাৰে।”
কৈলাশ সত্যৰ্থী শিশু ন্যাসৰ (কে এছ চি এফ) দেশৰ মুৰব্বী ৰবি কান্তে এইদৰে কয়- “বাল্য বিবাহ আমাৰ সামাজিক তন্ত্ৰত যুগ যুগ ধৰি নিহিত হৈ আছে আৰু ই অপৰাধ হোৱাৰ পিছতো বাল্য বিবাহৰ অস্তিত্ব নোহোৱা হোৱা নাই। অৱশ্যে সমাজৰ সকলো দিশৰ পৰা পোৱা অপৰিসীম আৰু প্ৰায় অভূতপূৰ্ব সমৰ্থনৰ সাক্ষী হৈ মই অনুভৱ কৰোঁ যে ভাৰত ইতিহাস সৃষ্টিৰ দিশত আগবাঢ়িছে । এই আন্দোলন বনজুইৰ দৰে বিয়পি পৰিছে আৰু ৰাজ্য চৰকাৰসমূহে দেখুওৱা দায়বদ্ধতাৰে হয়তো অৱশেষত আমাৰ সন্তানসকলে এনে এখন দেশ লাভ কৰিব য’ত তেওঁলোকৰ অধিকাৰ সুনিশ্চিত আৰু সুৰক্ষিত হয়। সকলো ৰাজ্যৰ চৰকাৰে বাল্যবিবাহৰ অন্ত পেলোৱাৰ এক অভিযানত আগবাঢ়িছে আৰু সমগ্ৰ কাৰ্য্যক এক নতুন গতি আৰু আত্মবিশ্বাস প্ৰদান কৰিছে সেয়া প্ৰশংসনীয়।’-
ৰাষ্ট্ৰীয় পৰিয়াল স্বাস্থ্য জৰীপ-পঞ্চম (NFHS 2019-21) ৰ ৰিপৰ্ট অনুসৰি ৰাষ্ট্ৰীয় পৰ্যায়ত ২০-২৪ বছৰ বয়সৰ ভিতৰৰ ২৩.৩% মহিলাই ১৮ বছৰ বয়স হোৱাৰ আগতেই বিবাহপাশত আবদ্ধ হৈছিল ৷
ইপিনে, ইয়াৰ অংশ হিচাপে বাল্য বিবাহ মুক্ত ভাৰত গঢ়াৰ লক্ষ্যৰে আগশাৰীৰ বেচৰকাৰী সংস্থা ‘বচপন বচাও আন্দোলন’ৰ উদ্যোগত অনুষ্ঠিত হয় এক বিশেষ কার্যসূচী ৷এই অভিযানৰ অংশ হিচাপে ১৬ অক্টোবৰত গুৱাহাটীৰ খানাপাৰাস্থিত অসম প্ৰশাসনিক পদাধিকাৰ মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত অসম চৰকাৰ, অসম ৰাজ্যিক শিশু সুৰক্ষা সমাজ আৰু কৈলাশ সত্যার্থী শিশু ফাউণ্ডেচনৰ সহযোগত বচপন বচাও আন্দোলনৰ উদ্যোগত অনুষ্ঠিত হয় অসম ৰাজ্যিক আলোচনাচক্ৰ ৷