মিচিংসকলৰ অত্যন্ত সন্মানীয় বস্ত্ৰ ৰিবি গাচেঙৰ ওপৰত প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা বহাক লৈ তীব্ৰ বিতর্কৰ সৃষ্টি হৈছিল ৷ প্ৰদেশ কংগ্ৰেছৰ সভাপতিজনক তীব্ৰ সমালোচনা কৰা হৈছিল ৷ ইয়াৰ পাছতে আজি ভূপেন বৰাই মিচিং জনগোষ্ঠীৰ ওচৰত এই বিতর্কক লৈ ক্ষমা ভিক্ষা কৰে ৷
এক বিবৃতিত তেওঁ কয় –“ জোনাইৰ ন-পাম কুলি গাৱঁৰ প্ৰাক্তন গাওঁপ্ৰধানৰ ঘৰলৈ যোৱাৰ সময়ত আমাক আদৰ-সাদৰ কৰি বস্ত্ৰ পাৰি বহিবলৈ দিয়ে ৷ পৰৱর্তী সময়ত যিখন বস্ত্ৰ পাৰি আমাক বহিবলৈ দিয়া হৈছিল সেয়া ৰিবি গাচেংবুলি জানিব পাৰি ময়ো অত্যন্ত দঃখিত ৷ গৃহস্থই কিয় সেই কাম কৰিলে মই তত ধৰিব নোৱাৰিলো ৷ সকলো জনগোষ্ঠীৰ ৰীতি-নীতিক, কলা-কৃষ্টিক, পৰম্পৰাক সন্মান কৰাতো আমাৰ জাতীয় দায়িত্ব ৷ ভূমিপুত্ৰ মিচিং জনগোষ্ঠীৰ অন্তৰত আঘাত দিয়াৰ কোনো ধৃষ্টতা আমাৰ নাই ৷ অজানিতে হোৱা ভুলৰ বাবে মই নতশিৰে ক্ষমা বিচাৰিছো ৷”