দেশত সমলিংগ বিবাহৰ সপক্ষে ৰায় নিদিলে উচ্চতম ন্যায়ালয়ে। ‘এলজিবিটিকিউ’ সম্প্ৰদায়ৰ লোকসকলে দীৰ্ঘদিন ধৰি সমলিংগ বিবাহৰ বৈধতাৰ বাবে যুঁজ দি আহিছে। ইয়াৰ উপৰিও সন্তান দত্তক লোৱাৰ অধিকাৰৰ বাবেও তেওঁলোকে যুঁজি আছে। এই যুঁজতো সমকামী লোকসকলে মঙলবাৰে উচ্চতম ন্যায়ালয়ৰ ৰায়দানত বিশেষ আশা দেখা নাপালে। পাঁচজন ন্যায়াধীশৰ ভিতৰত তিনিজনে সমলিংগ দম্পত্তীয়ে সন্তান দত্তক লোৱাৰ বিৰোধিতা কৰে। বাকী দুজন ন্যায়াধীশে এই সন্তান দত্তক বা তুলি লোৱাৰ সমৰ্থন কৰে। ফলত ৰায় ৩:২ অনুপাতত বিভক্ত হয়।
মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচুদ আৰু ন্যায়াধীশ সঞ্জয় কৌলে কয় যে সমলিংগ দম্পতীক সন্তান দত্তক লোৱাৰ অধিকাৰ দিয়া উচিত। কিন্তু, ন্যায়াধীশ ৰবীন্দ্ৰ ভাট, ন্যায়াধীশ হিমা কোহলী আৰু ন্যায়াধীশ পি এছ নৰসিংহই মতানৈক্য প্ৰকাশ কৰে।
ভাৰতত সমলিংগ বিবাহ বৈধ হ’ব নে নহয় সেই বিষয়ে দীৰ্ঘদিন ধৰি যুঁজ দি আহিছে এলজিবিটিকিউসকলে। মঙলবাৰে এই বিবাহৰ আইনী স্বীকৃতি সন্দৰ্ভত ৰায় ঘোষণা কৰাৰ সময়ত ন্যায়াধীশসকলে এই সম্পৰ্কক স্বীকৃতি দিছিল যদিও বিবাহৰ সপক্ষে ৰায় দিয়া নাছিল। উচ্চতম ন্যায়ালয়ৰ সংবিধান বিচাৰপীঠে কেন্দ্ৰীয় চৰকাৰৰ সমিতিক এই সন্দৰ্ভত ব্যৱস্থা গ্ৰহণ কৰিবলৈ কয়। বিষয়টো বিধায়িনী দলৰ হাতত এৰি দিয়া হৈছে। মুখ্য ন্যায়াধীশগৰাকীয়ে কয় যে সমলিংগ সম্পৰ্কৰ বিভিন্ন সমস্যা সমাধানৰ বাবে কেন্দ্ৰৰ এখন সমিতি গঠন কৰাটো প্ৰয়োজনীয়। তাৰ জৰিয়তে সেই সম্প্ৰদায়ৰ অধিকাৰ সুৰক্ষিত হ’ব। ৰায় পঢ়াৰ সময়ত মুখ্য ন্যায়াধীশ চন্দ্ৰচুড়ে কয়, “বিবাহ নামৰ অনুষ্ঠানটো কোনো নিৰ্দিষ্ট, স্থাৱৰ বস্তু নহয়। বিৱৰ্তন বিবাহত আহে। ব্যক্তিগত পৰ্যায়ৰ যিকোনো কামক আইনৰ ওপৰত ৰখা উচিত নহয়। আজি বিবাহৰ যি স্বীকৃতি আছে সেয়া আইন অবিহনে সম্ভৱ নহ’লহেঁতেন।”
২০১৮ চনত উচ্চতম ন্যায়ালয়ে সমকামিতাৰ ওপৰত এক গুৰুত্বপূৰ্ণ ৰায় দিছিল। ভাৰতত সমকামিতা অপৰাধ নহয় – উচ্চতম ন্যায়ালয়ৰ এই ৰায়দানে ‘এলজিবিটিকিউ’ সম্প্ৰদায়ৰ জনসাধাৰণৰ দীৰ্ঘদিনীয়া দাবী পূৰণ কৰিলে। এই ৰায়দানৰ পিছত বহুতে ভাবে যে এই দেশৰ সমকামী লোকসকল অতিশয় ‘মুক্ত’ হৈ পৰিছে। আনকি, একাংশ লোকে ভাবে যে সমাজত থকা ভুল ধাৰণাবোৰ বহুখিনি আঁতৰাই পেলোৱা হৈছে। আকৌ সমাজত সমকামীৰ গ্ৰহণযোগ্যতাও বহুত বাঢ়িছে। ২০১৮ চনৰ সেই ৰায়দানৰ পিছত এই দেশত সমলিংগ বিবাহক আইনী স্বীকৃতিৰ দাবী অধিক শক্তিশালী হৈ উঠিছিল। আনকি, দেশৰ উচ্চতম ন্যায়ালয়ৰ ঐতিহাসিক ৰায়দানৰ পিছত দেশত সমলিংগ বিবাহ সংঘটিত হৈছে। কলকাতা, হায়দৰাবাদকে ধৰি দেশৰ বিভিন্ন চহৰত সমলিংগ বিবাহৰ বাতৰিয়ে শিৰোনাম দখল কৰিছে।