বিহু কমিটীৰ পাছত দুৰ্গা পূজা কমিটীসমূহক ৰাজ্য চৰকাৰে আৰ্থিক সাহায্য প্ৰদান কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৷ ৰাজ্যিক কেবিনেটত এই গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে । আজি অনুষ্ঠিত কেবিনেটৰ সিদ্ধান্ত সদৰি কৰি মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই কয়, ‘‘দুৰ্গা পূজা কমিটীক চৰকাৰে আৰ্থিক সাহায্য প্ৰদান কৰিব । কোনেও যাতে বলপূৰ্বক চান্দা সংগ্ৰহ নকৰে । পৰৱৰ্তী সময়ত ৰাস মহোৎসৱতো সাহায্য দিয়াৰ ব্যৱস্থা কৰিছে চৰকাৰে । তিনি বছৰতকৈ অধিক পুৰণি ৬,৯৫৩খন পূজা কমিটীক দহ হাজাৰকৈ টকা দিয়া হ’ব ৷”
তদুপৰি প্ৰত্যেক জিলাতে নিয়মীয়াকৈ ৩৫০ গৰাকী অধিবক্তাক চৰকাৰী অধিবক্তা হিচাপে নিযুক্তি দিব চৰকাৰে । আইনী ব্যৱস্থা ক্ষিপ্ৰ কৰাৰ বাবে এই সিদ্ধান্ত গ্ৰহণ কৰিছে ।
আনহাতে ২৫ নৱেম্বৰৰ পৰা ১০ ডিচেম্বৰলৈ শিক্ষা পষেক হিচাপে পালন কৰিব চৰকাৰে। য’ত চাহ বাগিচাত ১০০খন নতুন বিদ্যালয়কে ধৰি ৩০০ খন বিদ্যালয়ৰ নতুন ভৱনৰ আধাৰশিলা স্থাপন কৰিব ৷ মুঠ ৭ কোটি টকা ব্যায় কৰিব চৰকাৰে ।
ইফালে, প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ী জন্মদিনৰ পৰা ১০ জানুৱাৰীলৈ সকলো মন্ত্ৰী পাঁচদিনকৈ বেলেগ বেলেগ মণ্ডলত নৈশ যাপন কৰিব ৷পাঁচটাকৈ মণ্ডল ক্ৰমে উজনি, উত্তৰ, বিটিআৰ, নামনি আৰু বৰাক উপত্যকা মণ্ডলত কটাব লাগিব মন্ত্ৰীসকলে ৷