ক’ভিডসৃষ্ট পৰিবেশৰ বাবে ছেবাই গ্ৰহণ কৰিলে এক সিদ্ধান্ত।ছেবাৰ ঘোষণা অনুসৰি এই বৰ্ষত নৱম আৰু দশম শ্ৰেণীৰ পাঠ্যক্ৰম ৪০% কৰ্তন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।
যিহেতু ক’ভিডৰ বাবেই কোনো পৰীক্ষা অনুষ্ঠিত নকৰাকৈ চলিত বৰ্ষৰ হাইস্কুল আৰু হাইমাদ্ৰাছাৰ শিক্ষান্ত পৰীক্ষা ফলাফল মূল্যায়ন পদ্ধতি প্ৰয়োগ কৰি ঘোষণা কৰিছিল।
বৃ্হস্পতি বাৰে ৰাজ্য চৰকাৰে এ এছ ই ১২১৪/২০১৭ পাৰ্ট/ ৫০ নম্বৰৰ পত্ৰযোগে ছেবাৰ এই সিদ্ধান্তক অনুমোদন জনোৱাত সংশোধিত পাঠ্যক্ৰম সন্দৰ্ভত ছেবাই এই নিৰ্দেশনা জাৰি কৰে।
অৱশ্যে এই নিৰ্দেশনা ২০২১-২২ বৰ্ষৰ বাবেহে প্ৰযোজ্য হ’ব।ছেবাৰ সচিব সুৰঞ্জনা সেনাপতিৰ স্বাক্ষৰিত ছেবা/এবি/ন’টিফিকেচন /০৬/২০১৮/২৫ নম্বৰৰ নিৰ্দেশনাটোত কোৱা হৈছে যে ক’ভিড-১৯ মহামাৰীৰ পৰিপ্ৰেক্ষিতত যোৱা এপ্ৰিল মাহৰ তৃতীয় সপ্তাহৰ পৰা শিক্ষানুষ্ঠানসমূহ বন্ধ হৈ আছে।আৰু এই সময়ছোৱাত অনলাইন পাঠ্যক্ৰম চলি আছিল যদিও বহুত ছাত্ৰ-ছাত্ৰীয়ে এই অনলাইন পাঠ্যক্ৰমত অংশগ্ৰহণ কৰিব পৰা নাই।
ফলত এই শৈক্ষিক লোকচানৰ বিষয়টো দৃষ্টিগোচৰ কৰাৰ লগতে ২০২১-২২ বাবে নিৰ্দিষ্ট কৰি দিয়া পাঠ্যক্ৰম ছাত্ৰ-ছাত্ৰীৰ লগতে শিক্ষক গোটেও সামৰি লোৱাটো কঠিন হ’ব।সেয়েহে ছাত্ৰ-ছাত্ৰী সকলে নিৰ্দিষ্ট কৰি দিয়া পাঠ্যক্ৰম সামৰি লৈ পৰীক্ষা অনুষ্ঠিত কৰিব পৰাকৈ ২১২১-২২ বৰ্ষত প্ৰায় ৪০% পাঠ্যসূচী হ্ৰাস কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে।
এই সংশোধিত পাঠ্যক্ৰমৰ তালিকা ছেবাই বিদ্যালয়সমূহৰ পৰিদৰ্শকলৈ প্ৰেৰণ কৰিব।যাতে শিক্ষানুষ্ঠান সমূহৰ মূৰব্বী আৰু ছাত্ৰ-ছাত্ৰী সকলে সেয়া পাব পাৰে।ইয়াৰোপৰি ছেবাৰ ৱেবছাইট wwwsebaonline.org তো এই সংশোধিত পাঠ্যক্ৰমৰ বিস্তৃত উল্লেখ হ’ব।
একেসময়তে এই নিৰ্দেশনাত এই বুলিও উল্লেখ কৰিছে যে যদিহে শিক্ষাৰ্থী সকলে পৰ্যাপ্ত জ্ঞান আহৰণ কৰিব বিচাৰে তেন্তে সমগ্ৰ পাঠ্যক্ৰম শিকাবলৈও শিক্ষক সকলক অনুৰোধ কৰা হৈছে।
সমান্তৰালকৈ চি বি এছ ই আৰু চি আই এছ চি ইকে ধৰি বহুকেইখন ৰাজ্যৰ বৰ্ডে ইতিমধ্যে পাঠ্যক্ৰম হ্ৰাসৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।ইয়াৰোপৰি ক’ভিডৰ কালছোৱাত হোৱা শৈক্ষিক লোকচান পূৰাবলৈ প্ৰথম ভাষা অসমীয়া, বাংলা,হিন্দী,বড়ো,মণিপুৰী,খাচি,গাৰো,মাৰ,মিজো,উৰ্দু,নেপালী,কাৰ্বি,প্ৰথম ভাষাৰ পৰিপূৰক হিচাপে সংস্কৃত (গ্ৰুপ-চি),দ্বিতীয় ভাষা ইংৰাজী,ইংৰাজী(আই এল),মূল বিষয় সাধাৰণ বিজ্ঞান,সাধাৰণ গণিত,সমাজবিজ্ঞান,ঐচ্ছিক বিষয়,অসমীয়া,বাংলা,বড়ো,মনিপুৰী,নেপালী,হিন্দী,উচ্চ বুৰঞ্জী,ভূগোল,সংস্কৃত,কম্পিউটাৰ বিজ্ঞান,উডক্ৰাফট,মিউজিক,ডেন্স,ফাইন আৰ্ট,উইভিং এণ্ড টেক্সটাইল ডিজাইন,গাৰ্মেট ডিজাইনিং,গৃ্হ বিজ্ঞান,ছান্থালী,আৰবী,পাৰ্চী,বাণিজ্য আৰু কাৰ্বিৰ পাঠ্যক্ৰমৰ প্ৰায় ৪০% হ্ৰাস কৰিছে।
একেদৰে হাইমাদ্ৰাছাৰ বিষয় সমূহো হ্ৰাস কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে ছেবাই।