দুলীয়াজানত অইল ইণ্ডিয়া লিমিটেডৰ তৈলখাদত পুনৰ এক ভয়ংকৰ ঘটনা সংঘটিত হৈছে ৷ বৃহৎ শব্দ কৰি ভূগৰ্ভৰ পৰা নিৰ্গমন হৈছে গেছ।বৃহস্পতিবাৰে হোৱা বিস্ফোৰণৰ পিছতেই প্রাকৃতিক গেছৰ নিৰ্গমন অব্যাহত আছে ৷ প্ৰাপ্ত তথ্য অনুসৰি ডিৰিয়াল চাহ বাগিচাৰ গজালবস্তিত অৱস্থিত তৈলখাদত এই গেছ নিৰ্গমন ঘটিছে ৷ অইলৰ ৩৬৭ নম্বৰ তৈলখাদত সংঘটিত এই কাণ্ড।
ইফালে, এই ঘটনাৰ পাছতে সমগ্ৰ অঞ্চলটোতে আতংকময় পৰিৱেশৰ সৃষ্টি হৈছে ৷ অইলৰ অগ্নিনিৰ্বাপক বাহিনীৰ কেইবাখনো গাড়ী সাজু কৰি ৰখা হৈছে ৷ লগতে গেছ নির্গমন বন্ধ কৰিবলৈ অইল কতৃপক্ষই এতিয়ালৈকে অইল কৰ্তৃৰ্ক্ষই বন্ধ কৰিব পৰা নাই গেছৰ নিৰ্গমন। উল্লেখ্য যে ইয়াৰ পূর্বে বাঘজানত গেছ নির্গমনৰ ফলত হোৱা অগ্নিকাণ্ডই ভয়াৱহ ৰূপ ধাৰণ কৰিছিল ৷ পুনৰ একে ঘটনাই ডিৰিয়াল চাহ বাগিচাৰ গজালবস্তিৰ লোকসকলক আতংকিত কৰি তুলিছে ৷