নাগৰিকত্ব (সংশোধনী) আইন ২০১৯ বলৱৎ হোৱাৰ পূৰ্বেই পৰৰাষ্ট্ৰৰ নিৰ্যাতিত হিন্দু নাগৰিকৰ স্বাৰ্থত ইয়াক সংশোধন কৰা হ’ব নেকি? এনে ধৰণৰ এক প্ৰশ্নই সম্প্ৰতি উত্থাপন হোৱা দেখা গৈছে। কাৰণ বাংলাদেশ, পাকিস্তান আৰু আফগানিস্তানৰ ৪০৪৬ গৰাকী সংখ্যালঘু হিন্দু সম্প্ৰদায়ৰ লোকে ভাৰতীয় নাগৰিকত্ব বিচাৰি আবেদন কৰিছে।
দৈনিক অসম কাকতত প্ৰকাশিত এক বাতৰি অনুসৰি এই পৰ্যন্ত আবেদনকাৰীসকলে নাগৰিকত্ব লাভ কৰা নাই যদিও তেওঁলোকে অনলাইনযোগে ভাৰতীয় নাগৰিকত্ব বিচাৰি আবেদন কৰা বুলি প্ৰকাশ পাইছে। উল্লেখ্য যে নাগৰিকত্ব আইনখন বলৱৎ হ’লেই আবেদনকাৰীৰ সংখ্যা বৃদ্ধি হ’ব বুলি ধাৰণা কৰা হৈছে।
নাগৰিকত্ব সংশোধনী বিধেয়কখন ইতিমধ্যেই বিতৰ্কৰ আওতাত। ১৯৫৫ চনৰ নাগৰিকত্ব আইন অনুসৰি ভাৰতত নাগৰিকত্ব বিচাৰি আবেদন কৰাৰ ব্যৱস্থা বলৱৎ হৈ আছে। নৰেন্দ্ৰ মোডী চৰকাৰে ২০১৬ চনত ১৯৫৫ চনৰ নাগৰিকত্ব আইন সংশোধনৰ বাবে সংসদত বিধায়ক উত্থাপন কৰিছিল।
কেন্দ্ৰীয় চৰকাৰে প্ৰথমবাৰ সংশোধনী বিধেয়ক উত্থাপন কৰোতেই পাকিস্তান, বাংলাদেশ আৰু আফগানিস্তানৰ ২০১৪ চনৰ ৩০ ডিচেম্বৰৰ ভিতৰত ভাৰতত প্ৰৱেশ কৰা হিন্দু, খৃষ্টান, শিখকে ধৰি পাঁচটা সংখ্যালঘু সম্প্ৰদায় আৰু নিৰ্যাতনৰ সন্মুখীন হৈ ভাৰতত প্ৰৱেশ কৰা লোকক ভাৰতত নাগৰিকত্ব দিয়াৰ প্ৰস্তাৱ কৰিছিল।
সংসদত বিধেয়ক উত্থাপন হোৱাৰ পাছত ২০১৮ চনৰ পৰাই ১৯৫৫ চনৰ নাগৰিকত্ব আইনৰ অধীনত অনলাইন যোগে নাগৰিকত্ব বিচাৰি আবেদন কৰাৰ প্ৰক্ৰিয়া আৰম্ভ কৰা হৈছিল। মনকৰিবলগীয়া কথাটো হ’ল এই বিধেয়কখন সংসদত গৃহীত কৰাত মোডী চৰকাৰ প্ৰথমে সফল হোৱা নাছিল যদিও ২০১৯ চনত পুনৰ ইয়াক উত্থাপন কৰা হয়। আৰু সেই বছৰেই দুয়োখন সদনত গৃহীত হোৱাত আইনখনৰ নাম হয়গৈ নাগৰিকত্ব (সংশোধনী) আইন ২০১৯।
সংশোধনী আইন অনুসৰি বাংলাদেশ, পাকিস্তান আৰু আফগানিস্তানত নিৰ্যাতিত হিন্দু, শিখ সম্প্ৰদায়ৰ নাগৰিকে ভাৰতীয় নাগৰিকত্ব বিচাৰি আবেদন কৰিব পাৰিব আৰু ২০১৪ চনৰ ৩০ ডিচেম্বৰ পৰ্যন্ত ভাৰতত প্ৰৱেশ কৰা নিৰ্যাতিত নাগৰিকে ভাৰতত নাগৰিকত্ব বিচাৰি আবেদন কৰিব পাৰিব।
গুৰুত্বপূৰ্ণ কথাটো হৈছে ২০১৯ চনৰ সংশোধনী আইনৰ বিধি এই পৰ্যন্ত বলৱৎ হোৱা নাই যদিও পাকিস্তান, বাংলাদেশ আৰু আফগানিস্তানৰ পৰা অহা হিন্দু নাগৰিকে অনলাইন যোগে ভাৰতত নাগৰিকত্ব বিচাৰি আবেদন কৰা প্ৰক্ৰিয়া আৰম্ভ কৰিছে।
যোৱা ৪ আগষ্টত কেন্দ্ৰীয় গৃহ ৰাজ্যমন্ত্ৰী নিত্যানন্দ ৰায়ে সংসদত কৈছিল যে নাগৰিকত্ব(সংশোধনী) আইন ২০১৯ চমুকৈ ‘কা’ৰ জাননী ২০১৯ চনৰ ১২ ডিচেম্বৰত জাৰি কৰা হৈছিল। ‘কা’ৰ বিধি বলৱৎ কৰাৰ বাবে ২০২২ চনৰ ৯ জানুৱাৰী পৰ্যন্ত সময় নিৰ্ধাৰণ কৰা আছে। ২০২২ চনৰ ৯ জানুৱাৰীত ‘কা’ৰ বিধি বলৱৎ হোৱাৰ পাছত নিয়ম অনুসৰি চুবুৰীয়া ৰাষ্ট্ৰৰ নিৰ্যাতিত নাগৰিকক নাগৰিকত্ব দিয়া হ’ব।
৪ আগষ্টৰে আন এক লিখিত বিবৃতিত নিত্যানন্দ ৰায়ে উল্লেখ কৰিছে যে ২০২১ চনৰ ৩০ জুলাই পৰ্যন্ত ভাৰতত নাগৰিকত্ব বিচাৰি ৪০৪৬ গৰাকী হিন্দু সম্প্ৰদায়ৰ লোকে আবেদন কৰিছে। লগতে তেখেতে উল্লেখ কৰে যে এই পৰ্যন্ত আবেদন সন্দৰ্ভত কোনো সিদ্ধান্ত গ্ৰহণ নকৰা এইসকল লোক পাকিস্তান, বাংলাদেশ আৰু আফগানিস্তানৰ।
এনে পৰিস্থিতিত আফগানিস্তানৰ নাগৰিকৰ বিপৰ্যয় বিবেচনা কৰি নাগৰিকত্ব (সংশোধনী) আইন ২০১৯ পুনৰ সংশোধন হ’ব নেকি সেই প্ৰশ্ন উত্থাপন হৈছে। এই পৰিপ্ৰেক্ষিতত তালিবানে আফগানিস্তানৰ ৰাজধানী কাবুলকে ধৰি সমগ্ৰ দেশ দখল কৰাৰ পাছত নৰেন্দ্ৰ মোডী চৰকাৰে দেশখনত বাস কৰা শিখ আৰু হিন্দু সংখ্যালঘুৰ বাবে ভাৰতৰ দুৱাৰ খোলা বুলি ঘোষণা কৰিছে।
এই সন্দৰ্ভত ভাৰত চৰকাৰৰ বৈদেশিক মন্ত্ৰণালয়ৰ মুখপাত্ৰ অৰিন্দম বাগছীয়ে সদৰি কৰিছে যে আফগানিস্তানৰ শিখ আৰু হিন্দুসকলৰ বাবে ভাৰতৰ দুৱাৰ সদায় খোলা থাকিব।
এতিয়া সৰ্বাধিক চৰ্চিত প্ৰসংগটো হৈছে আইন অনুসৰি ২০১৪ চন পৰ্যন্ত ভাৰতত প্ৰৱেশ কৰা তিনি ৰাষ্ট্ৰৰ হিন্দু-শিখ আদিয়ে ভাৰতত নাগৰিকত্ব বিচাৰি আবেদন কৰিব পাৰে। আইন অনুসৰি নিৰ্যাতিত ধৰ্মীয় সংখ্যালঘু হ’লেও ২০১৪ চনৰ পাছত অহা লোকে নাগৰিকত্ব আবেদন কৰিব নোৱাৰে।
কিন্তু প্ৰশ্ন উঠিছে মানবীয়তাৰ খাতিৰত আফগানিস্তানৰ পৰা অহা হিন্দু আৰু শিখসকলক ভাৰতে শৰণাৰ্থী হিচাপে ৰাখিব নে আইন সংশোধন কৰি নাগৰিকত্ব দিব? আইন সংশোধন কৰাৰ লগে লগে ২০১৪ চনৰ পৰা ভাৰতত প্ৰৱেশৰ সময় ২০২১ চনলৈ বৃদ্ধি কৰিব লাগিব।
এনে পৰিস্থিতিত আইন সংশোধন কৰিলে বাংলাদেশৰ পৰা অহা হিন্দুৱেও অনুৰূপ সুবিধা পাব। অৱশ্যে এই পৰ্যন্ত কেন্দ্ৰীয় চৰকাৰে আফগানিস্তানৰ নিৰ্যাতিত লোকক শৰণাৰ্থীৰ মৰ্যদা দিব নে ভাৰতৰ আইন সংশোধন কৰিব এনে কোনো কথা স্পষ্টকৈ ৰাজহুৱা কৰা নাই।
এতিয়া বিতৰ্কিত আইনখন বলৱৎ হোৱাৰ পূৰ্বেই হিন্দু নিৰ্যাতিত নাগৰিকৰ স্বাৰ্থত সংশোধন কৰা হ’ব নেকি সেই প্ৰশ্নই সকলোকে উৎসুক কৰি ৰাখিছে।