টিহু,২০ অক্টোৱৰঃ উৎসাহ উদ্দীপনা আৰু ধৰ্মীয় পৰম্পৰাৰ মাজেৰে আজি সন্ধিয়া বিল্ব বোধনেৰে দুৰ্গতিনাশিনী দেৱী দুৰ্গাৰ প্ৰাণ প্ৰতিষ্ঠাৰে আৰম্ভ হ’ল ১২০ বছৰীয়া ঐতিহ্যমণ্ডিত টিহু বাৰোৱাৰী শ্ৰীশ্ৰী দুৰ্গা পূজা মহোৎসৱ। আজি পুৱা টিহু বাৰোৱাৰী শ্ৰীশ্ৰী দুৰ্গা পূজা মহোৎসৱ উদযাপন সমিতিৰ সভাপতি পৱন হালৈয়ে পতাকা উত্তোলেনেৰে পূজা মহোৎসৱৰ কাৰ্য্যসূচীৰ শুভাৰম্ভ কৰে। ইয়াৰ পাছতে বন্তি প্ৰজ্বলন কৰে টিহু বাৰোৱাৰী শ্ৰীশ্ৰী দুৰ্গা পূজা মহোৎসৱ উদযাপন সমিতিৰ কাৰ্য্যকৰী সভাপতি ৰমা শৰ্মাই।
স্মৃতি তৰ্পন কৰে টিহু মহাবিদ্যালয়ৰ অধ্যক্ষ ড° কিশোৰ কুমাৰ তালুকদাৰে। পুৱা ৯–৩০ বজাত শংখ, ঘন্টা, উৰুলী আৰু মাংগলিক অনুষ্ঠানৰ মাজেৰে দুৰ্গা মন্দিৰৰ মণিকূটত ধৰ্মধ্বজা উত্তোলন কৰা হয়। ইপিনে, আজি সন্ধিয়া টিহু পৌৰসভাৰ পৌৰপতি হিমানী মজুমদাৰে শুভাৰম্ভ কৰা এক দৃষ্টিনন্দন ধৰ্মীয় শোভাযাত্ৰাই টিহু নগৰ পৰিভ্ৰমণ কৰাৰ অন্তত টিহু নগৰৰ নতুন লচিমাৰ প্ৰমোদ ডেকাৰ বাসভৱনৰ পৰা সন্ধিয়া টিহু হাটখলাস্থিত দুৰ্গা মন্দিৰলৈ “বেলবৰণ” কৰি অনা হয়। নিশা শংকৰজ্যোতি নাট্য পৰিষদৰ দ্বাৰা নাট্যভিনয় কৰা হয়।