পুনৰ অসম আৰক্ষীক লজ্জানত কৰিলে এখন আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়াই ৷ দুর্নীতি নিবাৰকে চলোৱা অভিযানৰ সময়তে থানাৰ পৰা পলায়ন কৰিলে ৰৌতা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া কবিন্দ্ৰ ৰাভা ৷প্ৰাপ্ত তথ্য অনুসৰি এক অভিযোগৰ পাছত থানাখনত দুর্নীতি নিবাৰকে অভিযান চলায় ৷ হাতে লোতে উৎকোচ লোৱাৰ সময়ত ৰাভাক কৰায়ত্ব কৰা হয় ৷ কিন্তু সুযোগ বুজি ইউনিফর্ম খুলি তেওঁ পলায়ন কৰে ৷ পলায়ন কৰোতে ৰাস্তাত পেলাই থৈ গ’ল ইউনিফর্ম আৰু মোবাইল ফোন ৷
অৱশ্যে দুৰ্নীতি নিবাৰক শাখাই উৎকোচৰ ধন উদ্ধাৰ কৰা হৈছে ৷ আৰক্ষী বিষয়াজনৰ সন্ধানত অভিযান আৰম্ভ কৰিছে ৷