২০১৪ বৰ্ষৰ অসম লোক সেৱা আয়োগত সংঘটিত নিযুক্তি কেলেংকাৰীৰ ন্যায়িক তদন্ত সম্পূৰ্ণ কৰিছে অৱসৰপ্ৰাপ্ত ন্যায়াধীশ বিপ্লৱ কুমাৰ শর্মাৰ নেতৃত্বত গঠন কৰা ন্যায়িক আয়োগে ৷ ন্যায়িক আয়োগে তদন্ত প্ৰক্ৰিয়া সম্পূর্ণ হোৱা বুলি অৱগত কৰিছে ৰাজ্য চৰকাৰক ৷ তদন্ত সম্পূৰ্ণ কৰি আয়োগে ৰাজ্যৰ গৃহ বিভাগলৈ পত্ৰ প্ৰেৰণ কৰিছে । অৱশ্যে গৃহ বিভাগে কেতিয়া তদন্তৰ প্ৰতিবেদন গ্ৰহণ কৰিব সেই বিষয়ে কোনো সময় নিৰ্দিষ্ট কৰা নাই।আয়োগৰ পত্ৰৰো কোনো উত্তৰ গৃহ বিভাগে এতিয়ালৈ দিয়া নাই বুলিও সদৰী কৰিছে ।
উল্লেখ্য যে ৰাকেশ পালৰ কার্যকালত সংঘটিত তদন্তৰ দুর্নীতিৰ বাবে গুৱাহাটী উচ্চ ন্যায়ালয়ে ন্যায়িক আয়োগ গঠনৰ নির্দেশ দিছিল ৷ ইয়াৰ পাছতে ২০১৩ আৰু ২০১৪ বর্ষৰ অসামৰিক সেৱা পৰীক্ষাৰ অনিয়মৰ তদন্তৰ বাবে বি কে শর্মা আয়োগ গঠন কৰিছিল ৰাজ্য চৰকাৰে ৷ আয়োগে ২০১৩ বর্ষৰ অনিয়মৰ তদন্ত প্ৰতিবেদন ইতিমধ্যে ৰাজ্য চৰকাৰক দাখিল কৰিছে ৷ সমান্তৰালভাৱে ২০১৪ বর্ষৰ তদন্ত প্ৰতিবেদনো আয়োগে প্ৰস্তুত কৰিলে ৷ চৰকাৰে আয়োগৰ প্ৰতিবেদনৰ ভিত্তিত কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া লক্ষণীয় হ’ব ৷