উৎসৱ মানেই যেন এতিয়া একাংশৰ বাবে কেবল মাথো সুৰাপান ৷ প্ৰতিটো উৎসৱৰ সময়তে দেখা যায় যে সুৰাৰ বিক্ৰী অতিমাত্ৰা বৃদ্ধি পায় ৷ ব্যতিক্ৰম নহ’ল এইবাৰৰ দুর্গোৎসৱৰ সময়তো ৷ সুৰা বিক্ৰীৰে অভিলেখ ৰচিলে আৱকাৰী বিভাগে ৷ প্ৰাপ্ত তথ্য অনুসৰি অষ্টমী-নৱমী আৰু দশমীত কেবল মাথো গুৱাহাটীতে বিক্ৰী হৈছে ২২ কোটি ৫০ লাখ টকাৰ সুৰা ৷ যোৱা বছৰ এই পৰিমান আছিল ১৬.৮০কোটি টকা ৷ অর্থাৎ বিগত বর্ষৰ তুলনাত প্ৰায় ৮ কোটি টকাৰ অধিক সুৰা এইবাৰ বিক্ৰী হৈছে ৷
অৱশ্যে বিগত সময়ছোৱাত দশমীৰ দিনা ড্ৰাই ডে’ ঘোষণা কৰা হয় যদিও এইবাৰ দশমীৰ দিনাও সুৰা বিপনীসমূহ খুলিবলৈ অনুমতি দিয়া হৈছিল ৷ দুর্গোৎসৱৰ সময়ত দুর্ঘটনাকে ধৰি কেইবাটাও বিক্ষিপ্ত ঘটনা সংঘটিত হৈছে ৷ সুৰাপানৰ বাবেই প্ৰতি বছৰে উৎসৱৰ সময়ছোৱাত দুর্ঘটনাৰ সংখ্যা বৃদ্ধি পোৱা বুলি অভিযোগ উত্থাপিত হৈ আহিছে ৷