অসম আৰক্ষীৰ উপ পৰিদর্শক জোণমণি ৰাভাৰ ৰহস্যজনক পথ দুর্ঘটনাত মৃত্যুক লৈ চিবিআইয়ে তদন্ত অব্যাহত ৰাখিছে ৷ আৰম্ভনিৰে পৰা জোনমণি ৰাভাৰ মাতৃ সুমিত্ৰা ৰাভাই দুর্ঘটনাত নহয়, তেওঁৰ কন্যাক হত্যা কৰা বুলি অভিযোগ উত্থাপন কৰি আহিছে ৷ ইয়াৰ মাজতে তদন্তৰ জৰিয়তে সত্য বিচাৰ লাভ কৰিব নে নকৰে তাক লৈ সন্দিহান হৈ পৰিছে সুমিত্ৰা ৰাভা ৷ আজি এক সংবাদমেলত জোণমনিৰ মাতৃয়ে অসমৰ মুখ্যমন্ত্ৰীয়ে এবাৰো খবৰ নোলোৱাত আক্ষেপ প্ৰকাশ কৰে ৷
নিজ বাসগৃহত সংবাদমাধ্যমৰ সন্মুখত তেওঁ কয় – “ছোৱালীজনীৰ মৃত্যুৰ একো প্ৰমাণপত্ৰ মই নাপালো ৷ ছোৱালীজনীৰ কেনেকৈ মৃত্যু হ’ল,কেনেকৈ কি হ’ল, আৰক্ষী প্ৰশাসনৰ পৰা, চিআইডিৰ পৰা এতিয়া চিবিআইলৈ গৈছে যদিও এতিয়ালৈ একো ওলোৱা নাই ৷ সত্য বিচাৰ পাম নে নাপাম মোৰ ভয় লাগি গৈছে ৷ অসমৰ ৰাইজে সত্য বিচাৰ পাব নে নাপাব ৷অসমৰ ৰাইজে সত্য বিচাৰটো পালে ভাল লাগিব ৷ সেই আশাত বন্দী হৈ আছো মই ৷চাৰি মাহৰ পাছত জোণমনিৰ মোবাইলটো ওলাল ৷ অসমৰ ৰাইজে আচৰিত হ’বনে নহ’ব ? সেইখন গাড়ীতে কেনেকৈ ওলালে ? আগতে কিয় নাপালে ? তেওঁলোকে ভালদৰে চোৱা নাই নেকি নে চকুটো অন্ধ হৈ আছিল ? “
ইপিনে জোনমণিৰ মৃত্যুৰ পাছত আৰক্ষীৰ ফালৰ পৰা কোনো খবৰ ল’বলৈ অহা নাই বুলিও তেওঁ প্ৰকাশ কৰে ৷ সুমিত্ৰা ৰাভাই প্ৰকাশ কৰা অনুসৰি জোনমণিৰ মৃত্যুৰ পাছত নগা”ও আৰক্ষীয়ে আৰক্ষী সঞ্চালকপ্ৰধানৰ পুঁজিৰ পৰা ৫০,০০০ টকা এগৰাকী মহিলা আৰক্ষী বিষয়াই দি থৈ গৈছিল ৷ ৫০ হেজাৰ টকাৰে কি কৰিব পাৰে আপোনালোকে ভাবি চাওক বুলিও সুমিত্ৰা ৰাভাই প্ৰকাশ কৰে ৷ তেওঁ কয় –‘যিখিনি মোৰ হাতত আছিল, মই হাহ ,মুর্গী ,গাহৰি, ছাগলী পুহি জমা কৰিছিলো সেইখিনি এছপিয়ে লুটি পুটি লৈ গ’ল ৰাতি দর্জা খুলি ৷ মই কেনেকৈ থাকিম ?অসমৰ ৰাইজক ভিক্ষা খুজিছো ৷ সকলোৱে দুই এক টকা সহায় কৰিছে ৷শ্ৰাদ্ধ ক্ৰীড়া কৰিলো মই সকলো ৷”
আনহাতে মুখ্যমন্ত্ৰীয়ে তেওঁৰ কোনো খবৰ লোৱা নাই বুলিও সুমিত্ৰা ৰাভাই উল্লেখ কৰে ৷ তেওঁ কয় –“ মুখ্যমন্ত্ৰীয়ে মোক লগ ধৰা বুলি আৰু সহায় কৰা বুলি এটা বাতৰি ওলাইছে ৷ যাৰ বাবে মোক বহুত মানুহে আহিছে মোক সুধিছে মুখ্যমন্ত্ৰীয়ে আপোনাক সহযোগ কৰিছে নেকি ? মোৰ লগত মুখ্যমন্ত্ৰীয়ে আজিলৈ একো সহযোগ কৰা নাই, লগ ধৰাও নাই ৷ মোৰ ঘৰত মুখ্যমন্ত্ৰী অহাও মই দেখা নাই ৷ “