শাক পাচলিৰ পৰা অত্যাৱশ্যকীয় সামগ্ৰীলৈকে হোৱা মূল্যবৃদ্ধিয়ে মাধমাৰ শোধাই আহিছে সাধাৰণ ৰাইজক ৷ এইবাৰ বজাৰত হোৰাহোৰে বৃদ্ধি পাইছে পিঁয়াজৰ দাম ৷ বজাৰত প্ৰতি কিলোগ্ৰাম পিঁয়াজৰ মূল্য ১০ টকা পর্যন্ত বৃদ্ধি পাইছে ৷ দুদিন পূর্বলৈ খুচুৰা বজাৰত প্ৰতি কিলোগ্ৰাম পিঁয়াজৰ মূল্য আছিল ৫০ টকা ৷ কিন্তু দুদিনৰ ভিতৰতে পিয়াঁজৰ মূল্য খুচুৰা বজাৰত প্ৰতি কিলোগ্ৰামত ৬০ টকালৈ বৃদ্ধি পাইছে ৷ পাইকাৰী বজাৰত প্ৰতি কুইণ্টল পিঁয়াজৰ মূল্য ৫-৬ টকাকৈ বৃদ্ধি কৰাৰ ফলতে খুচুৰা বেপাৰীসকলে পিঁয়াজৰ মূল্য বৃদ্ধি কৰিবলৈ বাধ্য হৈছে ৷ একাংশ বেপাৰীয়ে সদৰী কৰা অনুসৰি শীঘ্ৰে পিঁয়াজৰ মূল্য অধিক বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে ৷
উল্লেখ্য যে বিগত সময়ছোৱাত অত্যাৱশ্যকীয় খাদ্য সামগ্ৰীৰ লগতে জীৱনদায়িনী ঔষধলৈকে বিভিন্ন সামগ্ৰীৰ দাম বৃদ্ধি হৈছে ৷ কিন্তু এইক্ষেত্ৰত চৰকাৰে সাধাৰণ ৰাইজক সকাহ দিবলৈ কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই ৷ যাৰ বাবে পিঁয়াজৰ দাম বৃদ্ধিয়ে যে সাধাৰণ ৰাইজক কন্দুৱাব সেয়া নিশ্চিত ৷