আৰক্ষীৰ চকুত ধূলি দিবলৈ অভিযুক্তই ডকাইটি কাণ্ডৰ ৰূপ দিছিল গুৱাহাটীৰ উজান বজাৰৰ ১৪ বছৰীয়া কিশোৰী গৰাকীৰ হত্যাকাণ্ডৰ।
আৰক্ষীৰ জেৰাত হত্যাত অভিযুক্ত ১৬ বছৰীয়া কিশোৰ গৰাকীয়ে স্বীকাৰ কৰিছে এই কথা।
এগৰাকী শীৰ্ষ বিষয়াৰ মতে আৰক্ষীৰ চকুত ধূলি দিবলৈ ডকাইটি কাণ্ডৰ ৰূপ দিছিল হত্যাকাৰীয়ে, খুলি ৰাখিছিল কিশোৰী গৰাকীৰ ঘৰৰ দুটা আলমিৰা।
১০:১৫ বজাত পিতৃয়ে কিশোৰী গৰাকীক ফোন কৰা সময়ত জীৱিত আছিল তাই।
কিশোৰী গৰাকীৰ মাতৃয়ে কয় যে মোবাইল ফোনৰ বাবে ল’ৰাজনে হত্যা কৰিব পাৰে।
“মোৰ ছোৱালীৰ মোবাইল সঘনে বিচাৰিছিল সি, মোবাইল দিবলৈ অমান্তি হৈছিল তেওঁ। তেনে কাৰণতেই হয়তো হ’ব পাৰে হত্যা, গাখীৰ খুৱাই সাপ পুহিছিলো, সেই সাপে আজি খুটিলে। বিগত এমাহে আশ্ৰয় দিছিলো আমাৰ ঘৰত, সেয়া মোৰ ভুল হ’ল,” ক্ষোভেৰে কয় ডিম্পলৰ মাতৃয়ে।
আনহাতে, ফাষ্টট্ৰেক আদালতৰ জৰিয়তে হত্যাৰ বিচাৰ চলাই হত্যাকাৰীক ফাঁচী দিয়াৰ দাবী জনাইছে ওচৰ চুবুৰীয়াই।
লতাশিল থানাৰ সন্মুখত তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰি বিজেপি চৰকাৰৰ দিনত নাৰী সুৰক্ষিত নহয় বুলিও গুৰুতৰ অভিযোগ তোলে।
উল্লেখযোগ্য যে, বুধবাৰে দিনৰ ১১-১২ বজাৰ ভিতৰত উজানবজাৰৰ ভাড়াঘৰত এই ঘটনা সংঘটিত হৈছিল।