ৰাজ্যৰ চৰকাৰী কর্মচাৰীসকললৈ কেতবোৰ গুৰুত্বপূর্ণ নির্দেশ দিছে চৰকাৰে ৷ ৰাজ্য চৰকাৰে চৰকাৰী কৰ্মচাৰীয়ে দ্বিতীয় বিবাহ কৰোৱাত নিষেধাজ্ঞা আৰোপ কৰিছে। এতিয়াৰে পৰা দিছপুৰৰ অনুমতি অবিহনে কোনো চৰকাৰী কৰ্মচাৰীয়ে দ্বিতীয় বিবাহ সম্পন্ন কৰিব নোৱাৰিব।
আনহাতে কোনো স্বামীয়ে স্ত্ৰী জীয়াই থকা অৱস্থাত দ্বিতীয় বিয়া কৰাব নোৱাৰিব। পত্নীয়েও স্বামী জীয়াই থকা অৱস্থাত দ্বিতীয় বিবাহ কৰিলে আইনৰ ৰোষত পৰিব লাগিব। এই নিৰ্দেশনা উলংঘা কৰিলে কৰ্মচাৰীক বাধ্যতামূলক অৱসৰ দিয়াৰ দৰে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলিও নির্দেশনাটোত উল্লেখ কৰা হৈছে ৷ইয়াৰ লগতে তেওঁ জৰিমনা ভৰিব লাগিব বুলি চৰকাৰে সকীয়াই দিছে ৷