কর্ণাটকত সংঘটিত হৈছে এক শোকাৱহ পথ দুর্ঘটনা ৷ ঘাইপথৰ কাষত ৰখাই থোৱা এখন ট্ৰাকৰ সৈতে যাত্ৰী ভৰ্তি এখন গাড়ীৰ সংঘৰ্ষত ১২ জন লোকৰ মৃত্যু হয়। গুৰুতৰভাৱে আহত হৈছে এজন লোক। বৃহস্পতিবাৰে পুৱা কৰ্ণাটকৰ চিক্কাবল্লাৰপুৰ জিলাত সংঘটিত হয় এই ঘটনা।
আৰক্ষীৰ সূত্ৰৰ পৰা জানিব পৰা মতে, পুৱা প্ৰায় ৭:৩০ বজাত বাংগালুৰু-হায়দৰাবাদ ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হয় এই ঘটনা। অন্ধ্ৰ প্ৰদেশৰ পেনকোণ্ডা জিলাৰ পৰা ৰাষ্ট্ৰীয় ঘাইপথত এখন টাটা ছুমো গাড়ী আহি আছিল বুলি আৰক্ষী বিষয়া এজনে জানিবলৈ দিয়ে। গাড়ীখনত চালকসহ ১৩জন লোক আছিল। ৰাতিপুৱা ঘন কুঁৱলীৰ বাবে দৃশ্যমানতা কিছু হ্ৰাস পাইছিল।
প্ৰথম অৱস্থাত আৰক্ষীৰ মতে, দৃশ্যমানতা কম হোৱাৰ বাবে পথৰ কাষত ৰখাই থোৱা ট্ৰাকখন চালকজনে লক্ষ্য কৰিব পৰা নাছিল। যাৰ বাবে প্ৰচণ্ড জোৰেৰে খুন্দা মাৰে ৷ আৰক্ষীয়ে জনোৱা মতে, থিতাতে মৃত্যু হয় ১২ জন লোকৰ। গুৰুতৰভাৱে আহত এজন লোকক উদ্ধাৰ কৰি চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়।
আনহাতে, মহাৰাষ্ট্ৰৰ বীৰ জিলাত সংঘটিত পথ দুৰ্ঘটনাত ৬ জন লোকৰ মৃত্যু হয়। বৃহস্পতিবাৰে পুৱা প্ৰায় ৪ বজাত ১৫০ ফুট দ খাৱৈত বাগৰি পৰে এখন যাত্ৰীবাহী বাছ। বাছখনত ৪০-৫০ জন যাত্ৰী আছিল। ইয়াৰে ছয়জনৰ মৃত্যু হয়। আহত লোকৰ সংখ্যা দহজনতকৈ অধিক। আন এক দুৰ্ঘটনাত বীৰ জিলাৰ আহমেদনগৰ পথত এখন এম্বুলেন্সে এখন ট্ৰাকৰ পিছফালে খুন্দা মাৰে। দুৰ্ঘটনাত ৪ এম্বুলেন্স আৰোহীৰ মৃত্যু হয়।