উৎকোচ লৈ হাতেলোটে গ্ৰেপ্তাৰ হোৱা কামৰূপ জিলাৰ সহকাৰী আয়ুক্ত দীপাংকৰ কলিতাক নিলম্বন কৰা হৈছে ৷ যোৱা ২২ মে’ত জিলাখনৰ সহকাৰী আয়ুক্ত হিচাপে যোগদান কৰিছিল এচিএছ বিষয়া কলিতাই ৷ ১৬ অক্টোবৰত অসম আৰক্ষীৰ দুর্নীতি নিবাৰক শাখাই কলিতাক গ্ৰেপ্তাৰ কৰিছিল ৷ ভূমি অধিগ্ৰহণৰ ফাইল মুকলি কৰি দিয়াৰ নামত ধন দাবী কৰিছিল দীপাংকৰ কলিতাই ৷ ইয়াৰে আগধন হিচাপে তিনি হাজাৰ টকা লোৱাৰ সময়তে দুর্নীতি নিবাৰকে গ্ৰেপ্তাৰ কৰে কলিতাক ৷