অসমীয়া ছবিজগতক অনবদ্য অৱদানেৰে সমৃদ্ধ কৰি যোৱা বিশিষ্ট অভিনেতা নিপন গোস্বামীৰ আজি প্ৰথম মৃত্যুবার্ষিকী ৷ আজিৰ দিনটোতে লাখ লাখ অনুৰাগীক কন্দুৱাই তেওঁ ইহসংসাৰৰ পৰা বিদায় মাগিছিল ৷ ১৯৫৭ চনতে ফণী শর্মাই নির্মাণ কৰা পিয়লি ফুকন নামৰ ছবিখনত শিশু অভিনেতা হিচাপে তেওঁ আত্মপ্ৰকাশ কৰে ৷ অৱশ্যে নায়ক হিচাপে তেওঁৰ প্ৰথম ছবি হৈছে সংগ্ৰাম ৷ কিন্তু ডক্তৰ বেজবৰুৱা হৈছে তেওঁৰ অভিনয় কেৰিয়াৰৰ টার্নিং পইণ্ট ৷ এই ছবিখনে নিপন গোস্বামীক অসমীয়া ছবিজগতত এক সুকীয়া পৰিচয় প্ৰদান কৰিছিল ৷ আজি প্ৰথম মৃত্যু বার্ষিকীত তেওঁক ৰাজ্যবাসীয়ে সশ্ৰদ্ধ স্মৰণ কৰিছে ৷
আজি প্ৰতম মৃত্যুবার্ষিকীত নিপন গোস্বামীলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শর্মাই ৷ এক বার্তাত তেওঁ কয় –“চলচ্চিত্ৰ আৰু মঞ্চ জগতৰ এগৰাকী যশস্বী অভিনেতা নিপন গোস্বামীয়ে অভিনয়ৰ জৰিয়তে অসমীয়া চিনেমালৈ আনিছিল অনন্য নতুনত্ব৷ সোঁৱৰণ কৰি নষ্টালজিক হৈছোঁ যে ‘ককাদেউতা নাতি আৰু হাতী’ নামৰ জনপ্ৰিয় অসমীয়া চিনেমাখনত মই শৈশৱতে বলিষ্ঠ অভিনেতাগৰাকীৰ শিশু নাতিল’ৰাৰ চৰিত্ৰ এটিত অভিনয় কৰাৰ সুযোগ লাভ কৰিছিলোঁ৷ অসমৰ সাংস্কৃতিক জগতলৈ অম্লান অৱদান আগবঢ়াই যোৱা নিপন গোস্বামীৰ আজি প্ৰথমটো পুণ্যতিথিত অভিনেতাগৰাকীক জনাইছোঁ বিনম্ৰ শ্ৰদ্ধাঞ্জলি৷”
সাংস্কৃতিক মন্ত্ৰী বিমল বৰাই অভিনেতা গৰাকীলৈ শ্ৰদ্ধা জ্ঞাপন কৰি কয় –“নিপন দাৰ অনৱদ্য অভিনয় পৰিক্ৰমাই আমাৰ চিনেমা জগতক এক নতুন শিখৰত উপনীত থৈ গৈছে। অসমৰ সাংস্কৃতিক জগতখনলৈ তেখেতে আগবঢ়াই থৈ যোৱা অমূল্য অৱদানখিনি প্ৰতিগৰাকী সাংস্কৃতিক প্ৰেমী ৰাইজে চিৰদিন স্মৰণ কৰি থাকিব।অসমীয়া চলচ্চিত্ৰ জগতৰ জনপ্ৰিয় অভিনেতা নিপন গোস্বামী দেৱৰ আজি প্ৰথম মৃত্যু বাৰ্ষিকীত গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিলোঁ।“