নামনিত পৰিব পৰা প্ৰভাৱ অধ্যয়ন নকৰাকৈয়ে অসম-অৰুণাচল সীমান্তৱর্তী গেৰুকামুখত নির্মাণ কৰা বৃহৎ জলবিদ্যুৎ প্ৰকল্পকলৈ অনিশ্চয়তা এতিয়াও আঁতৰি যোৱা নাই ৷ বৰঞ্চ নদীবান্ধটোৰ নির্মাণ কার্য সম্পূর্ণ হোৱাৰ দিশে আগবঢ়াৰ লগে লগে ৰাজ্যৰ লোকসকলৰ মাজত শংকা ক্ৰমান্বয়ে বৃদ্ধি পাইছে ৷ বিশেষকৈ প্ৰতি বছৰে নদীবান্ধটোত হোৱা দুর্যোগে নামনিৰ লোকসকলক শংকিত কৰি তুলিছে ৷
পুনৰ নদীবান্ধটোত খহি পৰিছে পাহাৰ ৷ সোণশিৰি নদীৰ বাওঁপাৰৰ পাহাৰৰ বৃহৎ অংশ খহি পৰাৰ ফলত ডাইভার্চন টানেল বন্ধ হৈ পৰিছে ৷ বিগত সময়চোৱাত ঠুনুকা পাহাৰত ত্ৰুটিপূৰ্ণ আৰু অবিজ্ঞানসন্মত নিৰ্মানৰ বাবে নিৰ্মীয়মান অৱস্থাতে প্ৰকল্পটোৰ কেইবাটাও টানেল বন্ধ হৈ পৰাৰ পাছত অৱশিষ্ট হিচাবে ৰৈছিল এটা মাত্ৰ টানেল।কিন্তু শেহতীয়াভাৱে এই অৱশিষ্ট টানেলতো সম্পূৰ্ণ ৰূপে বন্ধ হৈ পৰে ৷
প্ৰকল্পৰ আটাইকেইটা পানী বাহিৰলৈ ওলোৱা সুৰংগ বন্ধ হৈ পৰাত নামনি অংশৰ নদীৰ জলপৃষ্ঠ হ্ৰাস পাইছে ৷ মাত্ৰ কেইদিন মানৰ পূৰ্বে পানীৰে উপচি থকা সোৱণশিৰি নদীখনৰ নামনি অংসত পানী প্ৰায় নাইকিয়া হৈ পৰিছে ৷ বাৰাম্বাৰ এনে ধৰণৰ দুর্যোগৰ মাজেৰেই জলবিদ্যুৎ প্ৰকল্পটোৰ নির্মাণ সম্পূর্ণ কৰিবলৈ উঠিপৰি লাগিছে এনএইচপিচি কতৃপক্ষ ৷