আজি শৰৎ পূৰ্ণিমা। শৰৎ পুর্ণিমাৰ দিনটোতে আৰধনা কৰা হয় দুর্গাৰ কন্যা লক্ষ্মী দেৱীক ৷ একেসময়তে আজি নিশা দৃশ্যমান হ’ব বছৰটোৰ অন্তিমটো চন্দ্ৰগ্ৰহণ ৷ শাস্ত্ৰ অনুযায়ী চন্দ্ৰগ্ৰহণৰ সময়ত কোনো শুভ কাম কৰিব নালাগে। তেনেহ;লে মা লক্ষ্মীক কেতিয়া পূজা কৰিব পাৰি?
কোজাগৰী শব্দৰ অৰ্থ হৈছে ‘যি সাৰ পায়’। কোৱা হয় যে ৰাতি সাৰ পাই মা লক্ষীক পূজা কৰিলে মা সন্তষ্ট হয় ৷২৮ অক্টোবৰ শনিবাৰে পুৱা ৪:১০ বজাৰ পৰা আৰম্ভ হৈছে লক্ষ্মী পূজাৰ তিথি। ২৯ অক্টোবৰ দেওবাৰে ১:৫০ বজাত ইয়াৰ অন্ত পৰিব।লক্ষ্মী পূজাৰ শুভ সময় নিশা ৮:৫২ বজাৰ পৰা ১০:২৯ বজাৰ ভিতৰত।
আনহাতে আজি নিশা ১:০৪ বজাৰ পৰা আৰম্ভ হৈ ২:২৩ বজালৈ হ’ব চন্দ্ৰগ্ৰহণ ৷দেশৰ সকলো প্ৰান্তৰ পৰা দেখা যাব বছৰৰ শেষৰ চন্দ্ৰগ্ৰহণ। একে সময়তে আপুনি খালী চকুৰে এই সূৰ্যগ্ৰহণ প্ৰত্যক্ষ কৰিব পাৰে ৷
কিন্তু প্ৰশ্ন হয় লক্ষী পূজা কেতিয়া কৰিব ? ২৮ অক্টোবৰৰ সন্ধিয়া মাতৃৰ পূজা কৰিব পাৰিব।২৮ অক্টোবৰৰ নিশা চন্দ্ৰগ্ৰহণ আৰম্ভ হোৱাৰ বাবে সন্ধিয়া পূজাত কোনো বাধা নাই। আপুনি শান্ত মনেৰে ধন-লক্ষ্মীৰ অধিষ্ঠাত্ৰী দেৱীক পূজা কৰিব পাৰে ৷
অৱশ্যে বছৰটোৰ অন্তিম চন্দ্ৰগ্ৰহণৰ সুতক কাল ২৮ অক্টোবৰৰ আবেলি ২ বাজি ৫২ মিনিটত আৰম্ভ হ’ব আৰু ২৯ অক্টোবৰৰ পুৱা ২ বাজি ২২ মিনিটলৈকে চলিব। চন্দ্ৰগ্ৰহণৰ সমাপ্তিৰ লগে লগে সুতক কালও সমাপ্ত হ’ব। হিন্দু ধৰ্মীয় বিশ্বাস অনুসৰি, সুতক কালক এক অশুভ সময় বুলি গণ্য কৰা হয়, সেয়ে এই সময়ত কোনো শুভ কাম কৰাটো নিষিদ্ধ ৷