গুৱাহাটী ২৭ অক্টোবৰ : অতি
শেহতীয়াভাৱে এন এইচ পি চিৰ গেৰুকামুখৰ নামনি সোঁৱণশিৰি বৃহৎ নদী বান্ধৰ ডাইভাৰশ্বন টানেল বা সুৰংগ বন্ধ হৈ নামনিত সোঁৱণশিৰি নৈৰ পানী শুকাই ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হৈছে।
এই ঘটনাৰ তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা এক প্ৰেছ বিবৃতিত অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি পলাশ চাংমাই আৰু সাধাৰণ সম্পাদক ৰাতুল বৰগোহাঁইয়ে কয় যে নামনি সোৱণশিৰিৰ বৃহৎ নদীবান্ধ নিৰ্মাণ আৰম্ভ কৰা দিনৰে পৰাই অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদে বৃহৎ নদীবান্ধ নিৰ্মাণৰ বিৰোধীতা কৰি আহিছে। বৃহৎ নদীবান্ধ বন্ধৰ দাবীত বিগত সময়ত যুৱ-ছাত্ৰ পৰিষদে ধাৰাবাহিক প্ৰতিবাদী আন্দোলন অব্যাহত ৰাখিছে। বৃহৎ নদী বান্ধৰ পৰা জৈৱ বৈচিত্ৰ, মানুহৰ জীৱন সম্পত্তিৰ প্ৰতি হব পৰা ভয়াবহতাৰ দিশটো লক্ষ্য কৰি অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদে ইয়াৰ বিৰোধিতা কৰি আহিছে। বৃহৎ নদী বান্ধ নিৰ্মাণ কৰিলে বান্ধৰ নামনি অঞ্চলত বাৰিষাৰ সময়ত বান্ধৰ পানীৰ পৰা ভয়ংকৰ বান, খৰালি কালত অস্বাভাৱিকভাৱে নদীৰ জল স্তৰ শুকাই যোৱা আৰু ইয়াৰ ফলত নামনিত বসবাস কৰা জনগণৰ জীৱন আৰু সম্পত্তি চৰম ভাবুকি অহা, পৰিবেশ তন্ত্ৰৰ ব্যাপক সালসলনি হোৱা, নৈৰ মাছ, কাছ, শিহু আদি জীৱকূলৰ জীৱন বিপন্ন হোৱাৰ ভবিষ্যত বাণী কৰিছিল যুৱ-ছাত্ৰ পৰিষদে। সম্প্ৰতি এন এইচ পি চিৰ ডাইভাৰশ্বন টানেল বন্ধ হৈ নামনিত সোঁৱণশিৰি নৈৰ জলস্তৰ অস্বাভাৱিকভাৱে শুকাই নৈৰ জলজ প্ৰাণী সমূহৰ অস্তিত্ব বিপন্ন হৈ পৰিষদে পূৰ্বতে কৰা ভবিষ্যত বাণীৰ সত্যতা প্ৰতিপন্ন কৰিছে। পৰিষদৰ নেতাদ্বয়ে লগতে কয় যে নামনি সোৱণশিৰি বৃহৎ নদীবান্ধ চৰকাৰে অসমৰ দল সংগঠন আৰু অসমৰ জনগণৰ মতামতৰ বিৰোদ্ধে গৈ নিৰ্মাণ কৰিছে। গেৰুকামুখৰ নদী বান্ধ নিৰ্মাণৰ ক্ষেত্ৰত ভূ-বিজ্ঞানী, বান্ধ বিশেষজ্ঞ সকলৰো মতামতক উপেক্ষা কৰা হৈছে। অসম তথা উত্তৰপূৰ্বাঞ্চলৰ ভূতাত্বাতিক গঠন বৃহৎ নদী বান্ধৰ বাবে কেতিয়াও উপযোগী নহয়। তেনেস্থলত চৰকাৰে কেৱল নিজৰ মুনাফাৰ বাবে জনসাধাৰণৰ জীৱন সম্পত্তি আৰু জৈৱ বৈচিত্ৰৰ প্ৰতি আহিব পৰা সকলো ভাবুকিক ওলাই কৰি নদী বান্ধ নিৰ্মাণৰ পৃষ্ঠপোষকতা কৰি আহিছে। ২০০০ মেগাৱাটৰ এন এইচ পি চিয়ে নিৰ্মাণ কৰা গেৰুকামুখৰ বৃহৎ নদীবান্ধৰ ওপৰিও কেন্দ্ৰীয় চৰকাৰে উত্তৰপূৰ্বাঞ্চলত অন্য বহুকেইটা বৃহৎ নদী বান্ধ নিৰ্মাণৰ অনুমোদন জনাইছে। প্ৰস্তাৱিত উক্ত নদীবান্ধ সমূ্হ নিৰ্মাণ হৈ উঠিলে নামনিত কেৱল অসমৰ জনগণ ক্ষতিগ্ৰস্থ হব। ইয়াৰ বিনিময়ত কিন্ত অসমৰ কোনো লাভালাভ নহয়। গতিকে অসমৰ ৰাইজৰ জীৱন সম্পত্তি উছন হব পৰা বা কোনো ধৰণে অসমৰ লাভালাভ নোহোৱা সকলো বৃহৎ নদীবান্ধ বন্ধ হব লাগে। অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদে আৰম্ভণিৰে পৰা সকলো ধৰণৰ বৃহৎ নদীবান্ধ বন্ধ কৰাৰ দাবী জনাই আহিছে। অনাগত সময়তো বৃহৎ নদীবান্ধৰ বিৰোদ্ধে অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ প্ৰতিবাদী আন্দোলন অব্যাহত থাকিব।