লক্ষ্মী পূজাৰ দিনটোতে গুৱাহাটীত দুটাকৈ মৃতদেহ উদ্ধাৰৰ ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে । উজান বজাৰ আৰু চানমাৰিত উদ্ধাৰ কৰা হৈছে দুজন লোকৰ মৃতদেহ ৷ চানমাৰিত বস্তাত ভৰাই এটা নৰ্দমাত পেলাই থোৱা অৱস্থাত তৃতীয় লিংগৰ এগৰাকী ব্যক্তিৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে । অসম অভিযান্ত্ৰিক খেলপথাৰৰ ওচৰৰ নলাত উদ্ধাৰ হৈছে মৃতদেহটো। বৰ্তমানলৈ মৃতদেহটো কাৰ চিনাক্ত কৰিব পৰা হোৱা নাই ৷ঘটনাস্থলীত উপস্থিত হৈছে ক্ৰাইম ব্ৰাঞ্চ আৰু ফৰেনচিকৰ দল ৷ তৃতীয় লিংগৰ ব্যক্তি গৰাকীৰ ডিঙিত চোকা অস্ত্ৰৰে আঘাত কৰাৰ চিন স্পষ্ট হৈ আছে আৰু শৰীৰৰ ভিন্ন স্থানতো আঘাতৰ চিন স্পষ্ট হৈ আছে ৷ যাৰ ফলত প্ৰায় ৪৫ বছৰীয়া তৃতীয় লিংগৰ ব্যক্তিগৰাকীক কোনো লোকে হত্যা কৰা বুলি সন্দেহ কৰা হৈছে ৷
ইপিনে আজি পুৱাৰ ভাগতে উজান বজাৰত এখন অটোত উদ্ধাৰ হয় এজন যুৱকৰ মৃতদেহ। শিৱৰাম পথত ৰাখি থোৱা এখন অটোত উদ্ধাৰ হৈছে মৃতদেহটো। মৃত যুৱকজনৰ ৰূপম দাস বুলি চিনাক্ত কৰা হৈছে । খাৰঘুলি বেলতলৰ বাসিন্দা হৈছে ৰূপম । উল্লেখ্য যে ড্ৰাগছ আসক্ত আছিল ৰূপম দাস ৷ যাৰ বাবে তেওঁক নিচামুক্তি কেন্দ্ৰত ৰখা হৈছিল ৷ ৬ মাহ পূৰ্বে নিচামুক্তি কেন্দ্ৰলৈ প্ৰেৰণ কৰা হৈছিল ৰূপমক ৷ পূজাত মাতৃয়ে ঘৰলৈ লৈ আহিছিল ৰূপমক। শুকুৰবাৰে বিয়লি ৪ বজাত ঘৰৰ পৰা ওলাই আহিছিল ৰূপম। ইয়াৰ পাছতে আজি পুৱা এখন অটোত উদ্ধাৰ হয় ৰূপমৰ মৃতদেহ। এয়া এক হত্যাকাণ্ড বুলি অভিযোগ কৰিছে পৰিয়ালৰ লোকে। দুয়োটা ঘটনা সন্দর্ভত আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে ৷