অৱসৰপ্ৰাপ্ত এয়াৰ মাৰ্শ্বাল পিভিএছএম ভিএম এডিচি পি কে বৰবৰাৰ আজি দেহাৱসান ঘটে ৷ উত্তৰ পূবৰ প্ৰথমজন এয়াৰ মাৰ্শ্বাল বৰবৰা ভাৰতীয় বায়ুসেনাৰ প্ৰাক্তন উপ মুৰব্বীও আছিল ৷
১৯৫০ চনৰ ১০ ডিচেম্বৰত শ্বিলঙত জন্মগ্ৰহণ কৰা এয়াৰ মাৰ্শ্বাল বৰবৰাই ১৯৭০ চনৰ ১৩ জুনত আই এ এফত ফাইটাৰ পাইলট হিচাপে নিযুক্তি লাভ কৰে। তেওঁ ১৯৭১ চনৰ যুদ্ধত অংশ লৈছিল ৷
৩৫০০ ঘণ্টাতকৈয়ো অধিক উৰণেৰে নিজৰ দক্ষতা প্ৰদর্শন কৰা বৰবৰা মিগ-২১ স্ক্ৱাড্ৰনৰ কমাণ্ড, যুঁজাৰু বিমান ঘাটিৰ মুখ্য অপাৰেচন অফিচাৰ আৰু ইষ্টাৰ্ণ এয়াৰ কমাণ্ডৰ অধীনত প্ৰিমিয়াৰ যুঁজাৰু বিমান ঘাটিৰ এয়াৰ অফিচাৰ কমাণ্ডিং হিচাপেও কার্যনিবাহ কৰিছিল ।
তেওঁ ভাৰতৰ মস্কোৰ দূতাবাসত এয়াৰ এটেচ আৰু এইচ কিউ ইন্টিগ্ৰেটেড ডিফেন্স ষ্টাফত সহকাৰী মুৰব্বী অৱ ইন্টিগ্ৰেটেড ডিফেন্স ষ্টাফ (পাৰ্ছপেক্টিভ প্লেনছ এণ্ড ফৰ্চ ষ্ট্ৰাকচাৰ) হিচাপে কাৰ্যনিৰ্বাহ কৰাৰ উপৰিও এয়াৰ হেডকোৱাৰ্টাৰত এচিষ্টেণ্ট চীফ অৱ এয়াৰ ষ্টাফ (পৰিদৰ্শন)ৰ দায়িত্বও পালন কৰিছিল ৷ প্ৰথমবাৰৰ বাবে এ অ’ চি-ইন-চি হিচাপে দায়িত্ব লোৱাৰ পূৰ্বে তেওঁ ই এ চিৰ জ্যেষ্ঠ এয়াৰ ষ্টাফ অফিচাৰ হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।
ভাৰতীয় বায়ুসেনাৰ ইমান উচ্চ পদবীত নিযুক্তি লাভ কৰা তেওঁ আছিল উত্তৰপূবৰ প্ৰথমজন ব্যক্তি। এয়াৰ মাৰ্শ্বাল বৰবৰা পৰম বিশিষ্ট সেৱা পদক (পিভিএছএম) আৰু বায়ুসেনা পদক (ভিএম) লাভ কৰিছে।