অহা ১ নৱেম্বৰত যতীন বৰাৰ নৱতম ছবি ৰাঘৱ উপভোগ কৰিব মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শর্মাই ৷ মন্ত্ৰীসভাৰ কেইবাজনো সদস্যৰ সৈতে একেলগে মুখ্যমন্ত্ৰী গৰাকীয়ে যতীন বৰাৰ ছবিখন উপভোগ কৰিব ৷
উল্লেখ্য যে যতীন বৰাৰ ছবি ৰাঘৱ মুক্তিৰ পাছতে তীব্ৰ বিতর্কৰ সূচনা হৈছে ৷ বিশেষকৈ “কা” আন্দোলনৰ সময়ত গ্ৰহণ কৰা বিতর্কিত ভুমিকাৰ বাবে ছবিখন বর্জন কৰাৰ এক প্ৰচাৰ সামাজিক মাধ্যমত আৰম্ভ হৈছে ৷ যাৰ পৰিপ্ৰেক্ষিতত ছবিখনে দর্শকৰ আশানুৰূপ সঁহাৰি লাভ কৰা নাই ৷
অৱশ্যে ইয়াৰ মাজতে যতীন বৰাই প্ৰকাশ কৰিছে যে ছবিখনে প্ৰথম দিনাই ৩০ লাখ টকা উপার্জন কৰিছে ৷ ইতিমধ্যে এই উপার্জনৰ পৰিমানক লৈয়ো একাংশই সামাজিক মাধ্যমত সন্দেহৰ আঙুলি টোওৱা পৰিলক্ষিত হৈছে ৷
আনহাতে মন্ত্ৰী ৰঞ্জিত দাসৰ উপৰি ৰাজ্যিক বিজেপিৰ মহিলা মর্চাৰ সভানেত্ৰী আঙুৰলতাকে ধৰি বহুসংখ্যক বিজেপি নেতাই ৰাঘৱ উপভোগ কৰিছে ৷
লক্ষণীয় যে “কা” আন্দোলনৰ সময়ত বিজেপি ত্যাগ কৰি যতীন বৰাই চানমাৰিত হোৱা অন্দোলনত অংশগ্ৰহণ কৰিছিল ৷ ইয়াক লৈ ৰাজ্যবাসীৰ মনত পুনৰ নায়ক হৈ পৰিছিল যতীন বৰা ৷ কিন্তু পৰৱর্তী সময়ত পুনৰ বিজেপিত যোগদান কৰি তেওঁ “কা” আন্দোলনক নাটক আখ্যা দিছিল ৷ যাৰ বাবে ৰাঘৱ বয়কোটৰ ধূম উঠিছে সামাজিক মাধ্যমত ৷