ভুৱা কলচেণ্টাৰেৰে হাজাৰ হাজাৰ লোকক লুণ্ঠন কৰি কোটি কোটি টকাৰ প্ৰৱঞ্চনা কৰা গোচৰৰ মূল অভিযুক্ত তচদিকুৰ ৰহমানক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে ৷ বিগত ডেৰমাহ ধৰি আত্মগোপন কৰি থকা তচদিকুৰক মহানগৰীৰ গান্ধিবস্তিৰ ইছলাম বস্তিৰ ফ্লেটৰ পৰা গ্রেপ্তাৰ ৰহমান।দীৰ্ঘদিন ধৰি বহিঃৰাষ্ট্রত পলাই আছিল তচদিকুৰ ৰহমান।
উল্লেখ্য যে গুৱাহাটীত কেইবাটাও ভুৱা কল চেণ্টাৰ স্থাপন কৰি দেশ বিদেশৰ লোকৰ পৰা কোটি কোটি টকা সৰকাই আহিছিল তচদিকুৰে ৷ শেহতীয়াকৈ গুৱাহাটী আৰক্ষীয়ে এই অপৰাধী চক্ৰক গ্ৰেপ্তাৰ কৰাৰ পাছতে কেতবোৰ বিস্ফোৰক তথ্য পোহৰলৈ আহিছিল ৷ কিন্তু এই চক্ৰৰ বিৰুদ্ধে অভিযান চলোৱাৰ দিনাই ৰহস্যজনকভাৱে তাজ ভিভাণ্টা হোটেলত আশ্ৰয় লৈ থকা তচদিকুৰে পলায়ন কৰে ৷ আৰক্ষী বিষয়াৰ সহযোগতে তচদিকুৰে পলায়ন কৰা বুলিও অভিযোগ উত্থাপন হৈছে ৷
প্রাক্তন আইএএছ বিষয়া আতিকা চুলতানাৰ পুত্র হৈছে তচদিকুৰ ৰহমান।বৰ্তমান ক্রাইম বাঞ্চৰ জিম্মাত আছে তছদিকুৰ ৰহমান। পুত্ৰৰ পূর্বে গাওঁবুঢ়া নিযুক্তি কেলেংকাৰীত গ্ৰেপ্তাৰ হৈছিল মাতৃয়ো ৷