আৰক্ষী-নিৰাপত্তাৰক্ষীৰে গিজগিজাই থকাৰ পাছতো মঙলদৈ চহৰত নোহোৱা হৈছে সাধাৰণ ৰাইজৰ নিৰাপত্তা ৷ চহৰখনৰ মাজমজিয়াত দিন দুপৰতে ডকাইতি কাণ্ড সংঘটিত হোৱা ঘটনাই স্থানীয় লোকসকলক আতংকিত কৰি তুলিছে ।মংগলবাৰে দুপৰীয়া এই ঘটনা সংঘটিত হয় ।
প্ৰাপ্ত তথ্য অনুসৰি চোকা অস্ত্ৰ দেখুৱাই ডকাইতৰ দলটোৱে লুটি লৈ গ’ল ঘৰৰ বোৱাৰীৰ ডিঙিৰ চেইন,হাতৰ আঙঠি আৰু খাৰু ৷ ডকাইতি কাণ্ড সংগটিত হোৱা ঘৰখনৰ গৰাকী নাম মুৰাৰী লাল প্ৰধান বুলি জানিব পৰা গৈছে ।
চহৰখনৰ মাজমজিয়াৰ এএছআৰডি ফাইন ডাইনিঙৰ কাষত ঘৰ হৈছে মুৰাৰী লাল প্ৰধানৰ।লক্ষণীয়ভাৱে মঙলদৈ আৰক্ষী থানাৰ পৰা তেওঁৰ ঘৰলৈ দূৰত্ব মাত্ৰ ৫০০ মিটাৰ।আৰক্ষী থানাখনৰ প্ৰায় গাতে লাগি থকা ঘৰটোত এনেদৰে দি দুপৰতে ডকাইতিৰ ঘটনা সংঘটিত হোৱা ঘটনাই হতচকিত কৰি তুলিছে সকলোকে ৷