কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সৌন্দর্য্য উপভোগ কৰিব বিচৰা পর্যটকসকলৰ বাবে সুখবৰ ৷ আজিৰে পৰা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত পৰ্যটকৰ বাবে হাতী ছাফাৰি মুকলি কৰা হৈছে। ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই আনুষ্ঠানিকভাৱে কঁহৰা আৰু বাগৰি বনাঞ্চলত পৰ্যটকৰ বাবে হাতী ছাফাৰি মুকলি কৰে।
পুৱা ৬ বজাত দেশী-বিদেশী পৰ্যটকৰ উপস্থিতিত পৰম্পৰাগত হস্তী পূজা অনুষ্ঠিত কৰা হয়। ইয়াৰ পিছতে উদ্যানৰ সঞ্চালক সোণালী ঘোষে হাতী ছাফাৰি মুকলি কৰে। কানাডাৰ লগতে দেশৰ বিভিন্ন প্ৰান্তৰ পৰ্যটকে হাতী ছাফাৰিৰে ৰাষ্ট্ৰীয় উদ্যানখনৰ সৌন্দর্য্য উপভোগ কৰি অভিভূত হৈ পৰে ৷
যোৱা ১৫ অক্টোৱৰত পর্যটকৰ বাবে কাজিৰঙা মুকলি কৰা হৈছিল ৷ বিগত ১৬ দিনত ১৬ হাজাৰৰো অধিক পৰ্যটকে কাজিৰঙা ভ্ৰমণ কৰিছে। ইফালে আজি কঁহৰা বনাঞ্চলত বিভাগীয় হাতী আৰু বাগৰিত ব্যক্তিগত হাতীৰ ছাফাৰি আৰম্ভ কৰা হৈছে ৷ অনাগত সময়ত পর্যটকক আদৰিবলৈ সম্পূর্ণৰূপে সাজু হৈছে উদ্যান কতৃপক্ষ ৷