দেশত দিনক দিনে বৃদ্ধি পাইছে হৃদৰোগত আক্ৰান্ত ৰোগীৰ সংখ্যা। ইয়াৰ মাজতে কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰী মানসুখ মাণ্ডবিয়াই কয় যে গুৰুতৰ ক’ভিড সংক্ৰমণত আক্ৰান্ত হোৱা লোকসকলে হৃদৰোগৰ আশংকাৰ পৰা হাত সাৰিবলৈ তেওঁলোকে যিকোনো গধুৰ কাম কৰা বা গধুৰ ওজনৰ সৈতে ব্যায়াম কৰা বন্ধ কৰিব লাগে। তেওঁ ইণ্ডিয়ান কাউন্সিল অৱ মেডিকেল ৰিচাৰ্চ (আই এম চি আৰ)ৰ এক অধ্যয়নৰ কথা উল্লেখ কৰে। কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰী গৰাকীয়ে কয় যে আই এম চি আৰৰ অধ্যয়ন অনুসৰি তীব্ৰ ক’ভিড সংক্ৰমণত আক্ৰান্ত হোৱাসকলে কমেও এবছৰৰ পৰা দুবছৰলৈকে যিকোনো ধৰণৰ ক্লান্তিকৰ কাম-কাজৰ পৰা আঁতৰি থাকিব লাগে।
বিশ্বৰ কোটি কোটি লোক আক্ৰান্ত হোৱাৰ সময়তে কভিড ভেকচিনে আশাৰ সঞ্চাৰ কৰিছিল। কিন্তু কভিড ভেকচিনৰ পাৰ্শ্বক্ৰিয়াক লৈ বিভিন্ন চর্চা চলি আহিছে ৷ এটা গোটে দাবী কৰিছিল যে প্ৰাপ্তবয়স্ক যুৱপ্ৰজন্মৰ হাৰ্ট এটেকৰ সম্ভাৱনা বৃদ্ধিৰ বাবে এই ভেকচিন দায়ী। লগতে বহুতে দাবী কৰে যে ক’ভিড অহাৰ পিছতহে অকাল মৃত্যুৰ হাৰ বৃদ্ধি পাইছে।
১৮ৰ পৰা ৪৫ বছৰ বয়সৰ ভিতৰত হাৰ্ট এটেকৰ সম্ভাৱনা কিয় বৃদ্ধি পায় সেই বিষয়ে আইচিএমআৰে গৱেষণা কৰিছে । ক’ভিডৰ প্ৰতিষেধক লোৱাৰ বাবে যুৱক-যুৱতীসকলৰ হঠাৎ মৃত্যুৰ হাৰ বৃদ্ধি হোৱা নাছিল বুলি অধ্যয়নত প্ৰকাশ পাইছে। কভিড ভেকচিন নহয় বৰঞ্চ জীৱনশৈলীৰ অনিয়ম, অত্যধিক সুৰা সেৱন, কঠোৰ ব্যায়াম, কাৰণে হাৰ্ট এটেকৰ আশংকা বাঢ়িছে। তদুপৰি ক’ভিড সংক্ৰমণত স্বাস্থ্যই জটিল ৰূপ ধাৰণ কৰাসকলৰ মাজতো হাৰ্ট এটেকৰ সম্ভাৱনা অধিক।