ক’ভিড সৃষ্ট পৰিৱেশ আৰু লকডাউনে জুৰুলা কৰা সময়ত সাংস্কৃতিক ক্ষেত্ৰখনৰ সৈতে জড়িত ব্যক্তিসকল কিছু পৰিমাণে হতাশ হৈ পৰিছিল। একাংশই জীৱন-জীৱিকাৰ বাবে অন্য পথৰ সন্ধান কৰাও দৃষ্টিগোচৰ হৈছে।
এই সন্দৰ্ভত চৰকাৰক বাৰম্বাৰ অনুৰোধ জনোৱাৰ পিছতো চৰকাৰে শিল্পীসকলৰ বাবে বিশেষ কোনো পদক্ষেপ গ্ৰহণ কৰিব পৰা নাছিল। অন্যান্য ক্ষেত্ৰৰ শিল্পীসকলৰ লগতে অসমৰ এক বৃহৎ উদ্যোগ ভ্ৰাম্যমান থিয়েটাৰৰ লগত জড়িত হৈ আছে শ শ অভিনেতা-অভিনেত্ৰীৰ লগতে অসংখ্য কলা-কুশলী ।
এই শিল্পী কলা-কুশলী আৰু বিভিন্ন কাৰিকৰী ক্ষেত্ৰৰ লগত জড়িত লোকসকলে আজি প্ৰায় ১ বছৰ ধৰি বিভিন্ন ধৰণে জীৱন-জীৱিকা চলাই নিবলগীয়া হৈছিল। এই সময় আছিল তেওঁলোকৰ বাবে অতি কষ্টকৰ।
কিন্তু ক’ভিড পৰিস্থিতিৰ সাময়িক উন্নতিৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্য চৰকাৰে ইতিমধ্যে ভ্ৰাম্যমাণ থিয়েটাৰ খুলি দিয়াৰ ব্যৱস্থা কৰিছে। যাৰ পৰিপ্ৰেক্ষিতত স্বাভাৱিকতেই উৎসাহিত হৈ পৰিছে শিল্পী কলা-কুশলী তথা প্ৰযোজক-পৰিচালকসকল।
সকলোৱে একমুখে ৰাজ্য চৰকাৰৰ এই পদক্ষেপক প্ৰশংসা কৰিছে। চৰকাৰৰ পৰা সেউজ সংকেত পোৱাৰ লগে লগে সাজু হৈ উঠিছে আৱাহন, বৃন্দাবন, ভাগ্যদেৱী, উদয়নকে ধৰি ৰাজ্যৰ আগশাৰীৰ একাংশ ভ্ৰাম্যমান থিয়েটাৰগোষ্ঠী।
সকলোৱে আৰম্ভ কৰিছে শুভ মুহুৰতৰ অনুষ্ঠান। ইয়াৰ মাজতে আৱাহন থিয়েটাৰে জয়মতী নাটকখনৰ বাবে প্ৰস্তুত কৰা যুৱ প্ৰজন্মৰ হাৰ্ট থর্ব জুবিন গাৰ্গে কণ্ঠদান কৰা “জয়া নাই” গীতটোৱে বিশেষ জনপ্ৰিয়তা অৰ্জন কৰিছে।
অদূৰ ভৱিষ্যতে ভ্ৰাম্যমান থিয়েটাৰে পূৰ্বৰ দৰেই নিজৰ স্বকীয়তা বজাই ৰাখিব পাৰিবনে? নে আৰ্থিক সংকটত ভোগা একাংশ ভ্ৰাম্যমান থিয়েটাৰ নিশ্চিহ্ন হৈ যাব। আজিৰ প্ৰেক্ষাপটত এক অতি জটিল প্ৰশ্ন।
পৰৱৰ্তী সময়ত চৰকাৰে ভ্ৰাম্যমান থিয়েটাৰৰ ওপৰত বিশেষ গুৰুত্ব প্ৰদান কৰি আৰ্থিক সংকটত ভোগা প্ৰযোজক-পৰিচালকসকলক সহায়েৰে পৃথিৱী বিখ্যাত তথা অসম গৌৰৱ এই উদ্যোগক সজীৱ কৰি ৰখাত সহযোগিতা আগবঢ়াবলৈ সকলোৱে আহ্বান জনাইছে।