ৰাজ্যৰ ৩.৬৯ লাখ নৱম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীক সফলতাৰে চাইকেল বিতৰণ কৰাৰ পিছত ৭৫ শতাংশ নম্বৰ লাভেৰে হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ ২৭,১৮৩ গৰাকী ছাত্ৰ-ছাত্ৰীক ১৫ হাজাৰ টকাকৈ আনন্দৰাম বৰুৱা বঁটা প্ৰদান কৰাৰ বাবে আজি কেবিনেট বৈঠকত সিদ্ধান্ত গ্ৰহণ কৰা হয় । লগতে উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত ৭৫ শতাংশ নম্বৰ প্ৰাপ্ত ছাত্ৰ আৰু ৬০ শতাংশ নম্বৰ প্ৰাপ্ত ছাত্ৰীসহ মুঠ ৩৫,৭৭৬ গৰাকীক প্ৰজ্ঞান ভাৰতী আঁচনিৰ অধীনত বাণীকান্ত কাকতি মেধা বঁটা ৰূপে স্কুটি (Scooty) প্ৰদান কৰাৰ সিদ্ধান্ত লোৱা হয় কেবিনেট বৈঠকত । অহা ২৯ নৱেম্বৰত আনন্দৰাম বৰুৱা বঁটা আৰু ৩০ নৱেম্বৰত বাণীকান্ত কাকতি বঁটা প্ৰদান কৰা হ’ব।