ডবকাৰ ভগীৰাম গাৱঁৰ এটা নিচামুক্তি কেন্দ্ৰৰ পৰা ৯ জন যুৱকে পলায়ন কৰা ঘটনাক লৈ তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৷ পলায়ন কৰা আটাইকেউজন যুৱক ড্ৰাগছ আসক্ত আছিল ৷ প্ৰাপ্ত তথ্য অনুসৰি নর্থ ইষ্ট ৰুৰেল ৱেলফেয়াৰ ছছাইটি নামৰ নিচামুক্তি কেন্দ্ৰটোত এই ঘটনা সংঘটিত হৈছে ৷ ৷ নিচামুক্তি কেন্দ্ৰটোত আছিল মুঠ ১৫ জন নিচাসক্ত লোক ৷ ইয়াৰে ৯ জন ড্ৰাগছ আসক্তই যোৱা ১ নৱে্ম্বৰত পলায়ন কৰে ৷ নিচামুক্তি কেন্দ্ৰটোৰ বাথৰূমৰ খিৰিকীৰ গ্ৰীল ভাঙি যুৱক কেইজনে পলায়ন কৰে ৷
লক্ষণীয় যে নিচামুক্তি কেন্দ্ৰটোত সংঘটিত এই ঘটনা গাপ দিবলৈ চেষ্টা কৰিছিল সংশ্লিষ্ট কতৃপক্ষই ৷ আৰক্ষীৰ তদন্তৰ পাছতহে ঘটনা পোহৰলৈ আহে ৷ এতিয়াও যুৱককেইজনৰ সন্ধান উলিয়াব পৰা নাই ৷