ৰাষ্ট্ৰীয় ঘাইপথ সম্প্ৰাসাৰণৰ নামত অসমত চলিছে এতিয়া বনধ্বংস অভিযান ৷ চাৰিলেনযুক্ত পথলৈ সম্প্ৰসাৰণৰ নামত গুৱাহাটী-গোৱালপাৰা সংযোগী ৰাষ্ট্ৰীয় ঘাইপথৰ দুয়োকাষে থকা বৃহৎ সংখ্যক শাল গছ কাটিবলৈ আৰম্ভ কৰিছে সংশ্লিষ্ট কতৃপক্ষই ৷ প্ৰাপ্ত তথ্য অনুসৰি সম্পূর্ণ ৰাষ্ট্ৰীয় ঘাইপথ সম্প্ৰসাৰণৰ নামত ১৮ সহস্ৰাধিক গছ কটা হ’ব ৷
ইয়াৰ পূর্বেও বহু পুৰণি গছবোৰ কাটিবলৈ আৰম্ভ কৰিছিল ৷ সেই সময়ত গছ কটা কার্যৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাৱ্যস্ত কৰিছিল বহু প্ৰকৃতিপ্ৰেমীয়ে ৷ যাৰ বাবে গছ কটা কার্য বন্ধ ৰখা হৈছিল ৷ কিন্তু শেহতীয়াকৈ পুনৰ ৰাষ্ট্ৰীয় ঘাইপথছোৱাৰ সমীপত গছ কাটিবলৈ আৰম্ভ কৰিছে বন বিভাগে ৷
বুধবাৰে বকোৰ সমীপৱর্তী বৰঝাৰ বনাঞ্চলত এশ জোপা শাল গছ কাটি পেলোৱা হৈছিল বুলি জানিব পৰা গৈছে ৷ সেইদৰে কৃষ্ণাইতো গছ কটা আৰম্ভ হৈছে ৷
প্ৰখ্যাত চিত্ৰ নির্মাতা ৰীমা দাস আৰু সু-অভিনেতা আদিল হুছেইনে এই গছসমূহ সংৰক্ষণ কৰিবলৈ আহ্বান জনাইছিল ৷ গছসমূহ নকটাকৈয়ে পথ নির্মাণৰ পৰিকল্পনা কৰিবলৈ আহ্বান জনাইছিল তেওঁলোকে ৷ ইয়াৰ পাছতো ৰাষ্ট্ৰীয় ঘাইপথ সম্প্ৰসাৰণৰ নামত গছ কটাক লৈ তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৷