আমাৰ দেশত আমিষ আহাৰ খাই ভাল পোৱা লোকৰ সংখ্যাই অধিক ৷ ভাতৰ লগত মাছ বা মাংস অলপ হ’লে আপুনি খাই নিশ্চয় ভাল পায় ৷ কিন্তু ক্ৰমাৎ যেন মাংসতকৈ মাছৰ প্ৰতি আগ্ৰহ বৃদ্ধি পাইছে দেশবাসীৰ ৷ শেহতীয়াকৈ এই কথা প্ৰকাশ পাইছে এক গৱেষণাত ৷
বিত্তীয় গৱেষণা সংস্থা নেচনেল কাউন্সিল অৱ এপ্লাইড ইকনমিক ৰিচাৰ্চ (এনচিএইআৰ)ৰ এক অধ্যয়নত কোৱা হৈছে যে দহ বছৰত দেশত মাছৰ ব্যৱহাৰ দুগুণ বৃদ্ধি পাইছে। এতিয়া এজন ব্যক্তিয়ে বছৰি ১৩ কেজিতকৈ অধিক মাছ খায়। ২০১১-১২ চনত চৰকাৰী সমীক্ষাত দেখা গৈছিল যে বাৰ্ষিক জনমূৰি মাছ খোৱাৰ পৰিমাণ মাত্ৰ ৭ কিলোগ্ৰাম। ২০২২-২৩ চনত এনচিএইআৰৰ জৰীপত ই ১৩ কিলোগ্ৰামৰ ওপৰলৈ বৃদ্ধি পায়। সমীক্ষাত ৫৬ শতাংশ পৰিয়ালে কয় যে বজাৰত বিভিন্ন ধৰণৰ মাছ পালে মাছ খোৱাৰ পৰিমাণ বৃদ্ধি পায়। মাত্ৰ ১৯ শতাংশ পৰিয়ালেহে কয় যে যেতিয়া মাছৰ দাম কম হয় তেতিয়া মাছৰ খোৱাৰ পৰিমাণ বৃদ্ধি পায়।
মাছ খোৱাৰ লগে লগে মাছ ক্ৰয়ৰ খৰচো বাঢ়িছে। দহবছৰ আগতে যদি এটা পৰিয়ালে বজাৰত হাজাৰ টকা খৰছ কৰিছিল, তেন্তে মাছত মাত্ৰ ৭৬ টকা খৰচ হ’লহেঁতেন। এতিয়া ১০০০ টকাৰ বজাৰৰ ১৬৮ টকীয়া মাছত খৰছ কৰা হৈছে। সেই সময়ত এটা পৰিয়ালে মাহে গড়ে ২.৬৬ কেজি মাছ খাইছিল। এতিয়া ইয়াৰ পৰিমান প্ৰায় ৫ কেজি হৈছেগৈ। সমীক্ষাত ২৮ শতাংশ লোকে কয় যে যোৱা পাঁচ বছৰত তেওঁলোকৰ মাছ খোৱাৰ পৰিমাণ বৃদ্ধি পাইছে।
কিন্তু এনচিএইআৰৰ গৱেষকসকলে কয় যে যোৱা দহ বছৰত মাছ খোৱাৰ পৰিমাণ বৃদ্ধি পোৱাৰ পাছতো আন্তঃৰাষ্ট্ৰীয় মানদণ্ডৰ তুলনাত ভাৰতৰ মাছ খোৱাৰ পৰিমাণ এতিয়াও কম। ৰাষ্ট্ৰসংঘৰ সংস্থা এফএঅ’ (Food and Agriculture Organization) আৰু অ’ইচিডি (Organization for Economic Cooperation and Development)ৰ হিচাপ অনুসৰি বিশ্বত প্ৰতিজন ব্যক্তিয়ে বছৰি ২০.৫ কিলোগ্ৰাম মাছ খায়। ২০৩১ চনত ই ২১.৪ কিলোগ্ৰামলৈ বৃদ্ধি হ’ব । আৰ্থিক বৃদ্ধি, মানুহৰ আয় বৃদ্ধি হ’লে মাছ খোৱাৰ পৰিমাণো বৃদ্ধি পাব।
এনচিএইআৰৰ তিনিজন গৱেষক সৌৰভ বেনাৰ্জী, লক্ষ্মী যোশী আৰু নিজৰা ডেকাই পৰ্যবেক্ষণ কৰিছে যে একাংশ ধনী লোকে মাছৰ তেজ, বাকলিৰ বাবে লেতেৰা হোৱাৰ বাবে মাছৰ বজাৰলৈ যাবলৈ ভাল নাপায়। উচ্চ আয়ৰ গোটৰ ৫৪ শতাংশ লোকে কয় যে তেওঁলোকে অস্বাস্থ্যকৰ পৰিৱেশৰ বাবে মাছৰ বজাৰ এৰাই চলিছে। মধ্যবিত্ত শ্ৰেণীৰ এটা শ্ৰেণী পুনৰ মাছ খোৱাৰ উপকাৰিতাৰ বিষয়ে সম্পূৰ্ণৰূপে অৱগত নহয়। নিম্নবৰ্গৰ বহুতেই ক্ৰয় ক্ষমতা নথকাৰ বাবে মাছ কম খায়। উত্তৰ ভাৰতৰ উত্তৰাখণ্ড, হিমাচল, হাৰিয়ানাৰ দৰে ৰাজ্যত ইতিমধ্যে মাছ খোৱাৰ পৰিমাণ অতি কম।
কেন্দ্ৰীয় চৰকাৰৰ মীন বিভাগে ২০২২ চনৰ প্ৰতিবেদনত উল্লেখ কৰিছে যে দেশৰ ভিতৰতে সৰ্বাধিক মাছ খায় লক্ষদ্বীপবাসীয়ে। প্ৰতি বছৰে জনমূৰি ১২৫ কিলোগ্ৰাম মাছ খায় তেওঁলোকে । ৰাজ্যসমূহৰ ভিতৰত গোৱাৰ মানুহে সৰ্বাধিক মাছ খায় । প্ৰতি বছৰে জনমূৰি ৭৮ কিলোগ্ৰাম মাছ খায় তেওঁলোকে । ত্ৰিপুৰা, ওড়িশাৰ মানুহো মাছ খোৱাৰ ক্ষেত্ৰত পিছ পৰি থকা নাই।