তিনিদিনীয়া ভ্ৰমণসূচীৰে আজি গুৱাহাটীত উপস্থিত হৈছে ভূটান নৃপতি ৷ আজি পুৱা এক বিশেষ বিমানযোগে গুৱাহাটীৰ বৰঝাৰস্থিত বিমানবন্দৰত উপস্থিত হয় ভূটান নৃপতি জিগমে খেছাৰ নামগ্যাল ৱাংগচুক ৷ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শর্মাই বৰঝাৰস্থিত বিমানবন্দৰত তেওঁক আদৰণি জনায় ৷ ডিজিপি জিপি সিং, মুখ্য সচিব পৱন কুমাৰ বৰঠাকুৰকে ধৰি উচ্চপদস্থ বিষয়াসকল মুখ্যমন্ত্ৰী গৰাকীৰ লগত উপস্থিত থাকে ৷ অহা ৫ নৱেম্বৰলৈ তেওঁ অসম ভ্ৰমণ কৰিব ৷ এই সময়ছোৱাত তেওঁ কেইবাটাও কার্যসূচীত অংশ ল’ব ৷ ভূটান নৃপতি গৰাকীয়ে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানো পৰিদর্শন কৰিব ৷ বিমানবন্দৰত তেওঁক আদৰণি জনোৱা হ’ব ৷ বিমানবন্দৰৰ ভিভিআইপি পথৰ সমীপত বিহুৰ পৰা আৰম্ভ কৰি লোকনৃত্য পৰিৱশনেৰে তেওঁক আদৰণি জনোৱা হয় ৷ বিমানবন্দৰৰ পৰা তেওঁ পোনে পোনে কামাখ্যালৈ গৈ তাত দেৱীৰ আশীষ গ্ৰহণ কৰে ৷ খানাপাৰাত তেওঁ বিশেষ কার্যসূচীত অংশ ল’ব ৷