কিছুদিন পূৰ্বে ‘বিগ বছ অ’টিটি ২’ বিজয়ী এলভিছ যাদৱলৈ কোটি কোটি টকা দাবী কৰি ভাবুকিপূৰ্ণ ফোন আহিছিল। এই ঘটনাৰ প্ৰতিক্ৰিয়া মাৰ নৌযাওতেই এইবাৰ নয়ডা আৰক্ষীয়ে এলভিছৰ বিৰুদ্ধে এফআইআৰ দাখিল কৰে। শেহতীয়াকৈ নয়ডাৰ ছেক্টৰ ৫১- চেভাৰ্ণ বেংকেটত আৰক্ষীয়ে অভিযান চলাইছিল। তাৰ পৰা ২০ মিলিলিটাৰ সাপৰ বিষ উদ্ধাৰ কৰা হয়। ইয়াৰ উপৰিও ৫ডাল বিষাক্ত সাপ উদ্ধাৰ কৰা হয় ৷ ঘটনাস্থলীৰ পৰা এলভিছৰ ঘনিষ্ঠ পাঁচজন লোকক গ্ৰেপ্তাৰ কৰা হয়। এলভিছ সেই স্থানত নথকাৰ বাবে তেওঁৰ নামতো এফআইআৰ দাখিল কৰা হয়। কিন্তু এলভিছ সাপৰ বিষেৰে কি কৰিছিল ?
গৌৰৱ গুপ্তা নামৰ এজন পশু কল্যাণ বিষয়াই এলভিছৰ নামত এফআইআৰ দাখিল কৰে। গৌৰৱৰ মতে, এলভিছ আৰু তেওঁৰ পাঁচজন সঙ্গীয়ে গুৰগাঁৱত ৰেভ পাৰ্টিৰ আয়োজন কৰে। বিদেশী মহিলা তালৈ সাপৰ বিষ আৰু ড্ৰাগছ সংগ্ৰহ কৰিবলৈ আহে। ভাৰতীয় দণ্ডবিধিৰ বন্যপ্ৰাণী সংৰক্ষণ আইনৰ ধাৰা ৯,৩৯,৪৮(এ),৪৯,৫০,৫১ৰ অধীনত এলভিছৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হৈছে। অৱশ্যে ‘বিগ বছ অ’টিটি ২’ৰ বিজয়ীগৰাকীয়ে এই ঘটনা সন্দৰ্ভত এতিয়াও কোনো মন্তব্য কৰা নাই। এইবাৰ ‘বিগ বছ অ’টিটি’ৰ দ্বিতীয় ছিজনৰ বিজয়ী এলভিছে।
ৱাইল্ড কাৰ্ড এণ্ট্ৰি হিচাপে তেওঁ ৰিয়েলিটি শ্ব’ত প্ৰৱেশ কৰিছিল। ‘বিগ বছ’ৰ ইতিহাসত ৱাইল্ড কাৰ্ড এণ্ট্ৰি হিচাপে প্ৰৱেশ কৰি খিতাপ দখল কৰা প্ৰথমজন প্ৰতিযোগী।